বৰগোলাইত নৱকান্ত বৰুৱা স্মৃতি দিৱস উদযাপন...

বৰগোলাইত নৱকান্ত বৰুৱা স্মৃতি দিৱস উদযাপন...

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ বৰগোলাই শাখা সাহিত্য সভা আৰু সামাজিক সাংস্কৃতিক অনুষ্ঠান নেপথ্য পাটকাইৰ উদ্যোগত শুকুৰবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কবি, ঔপন্যাসিক, শিশু সাহিত্যিক নৱকান্ত বৰুৱাৰ স্মৃতি দিৱস উদযাপন কৰা হয়। বৰগোলাই বিবেকানন্দ কেন্দ্র বিদ্যালয় প্রেক্ষাগৃহত উদযাপন কৰা স্মৃতি দিৱসত নৱকান্ত বৰুৱাৰ প্ৰতিচ্ছবি সন্মুখত বন্তি প্রজ্বলনেৰে কাৰ্যসূচীৰ পাতনি মেলে বিকেবিৰ অধ্যক্ষ দিগেশ চন্দ্র নাথে।

বৰগোলাই শাখাৰ সভাপতি ভানু চক্ৰৱৰ্তীৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট কবি বন্দনা দাস দত্তই নৱকান্ত বৰুৱাৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে। শাখাৰ সম্পাদক সমীৰণ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত বাবুল সোনোৱালে নৱকান্ত বৰুৱাৰ ৰচিত কবিতা আবৃত্তি আৰু গীতৰ আধাৰত নৃত্য পৰিবেশনেৰে নৃত্য শিল্পী সম্প্রীতি বৰঠাকুৰে শ্রদ্ধা জ্ঞাপন কৰে।

সভাত বৰগোলাই গাওঁ পঞ্চায়তৰ সভানেত্রী মীৰা চুৰ্বা, শিক্ষক কুলানন্দ উপাধ্যায়, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সম্পাদক শান্তনু হাজৰিকা আৰু সমাজকৰ্মী অশোক আগৰৱালা উপস্থিত থকাৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।

অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম নৱকান্ত বৰুৱা। তেওঁ একেধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক। ‘এখুদ ককাইদেউ’ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। তেওঁ সীমা দত্ত ছদ্মনামেৰেও তিনিটা কবিতা ৰচনা কৰিছিল। জীৱনৰ প্ৰথমটো কবিতা চিলেথতে লিখা বাবে নন্দ তালুকদাৰে তেওঁক চিলেঠীয়া কবি বুলিছিল। ‘মোৰ আৰু পৃথিৱীৰ’ কাব্যগ্ৰন্থৰ বাবে তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা (১৯৭৪) লাভ কৰিছিল।

১৯৭৫ চনত ‘ককাদেউতাৰ হাড়’ উপন্যাসৰ বাবে তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠানত সাহিত্য অকাডেমিয়ে প্ৰদান কৰা 'সাহিত্য অকাডেমি বঁটা' আৰু ১৯৭৬ চনত ভাৰত চৰকাৰে প্ৰদান কৰা 'পদ্মভূষণ বঁটা' লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ ১৯৯৩ চনত 'অসম উপত্যকা সাহিত্য বঁটা' আৰু ১৯৯৮ চনত কমল কুমাৰী ফাউণ্ডেচনে প্ৰদান কৰা 'কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা’ লাভ কৰিছিল।

১৯৯০ চনত নৱকান্ত বৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। তেখেতক 'পদ্মভূষণ', 'কবীৰ সন্মান', 'অসম উপত্যকা সাহিত্য বঁটা', 'গংগাধৰ বঁটা' আদিৰে সন্মানিত কৰা হৈছিল। ২০০২ চনৰ ১৪ জুলাইত নৱকান্ত বৰুৱাৰ মৃত্যু হয়। শুকুৰবাৰৰ স্মৃতিচাৰণ সভাত বক্তাসকলে নৱকান্ত বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে আলোকপাত কৰে।

বৰগোলাইত নৱকান্ত বৰুৱা স্মৃতি দিৱস উদযাপন...
শিৱসাগৰত পথচাৰীক মহতিয়ালে দ্রুতবেগী স্কুটীয়ে, নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in