মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত তিনিচুকীয়া মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ উদ্দীপনামূলক অনুষ্ঠান সম্পন্ন...

অসম লোকসেৱা আয়োগ আৰু ভাৰতীয় লোকসেৱা আয়োগৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত কিদৰে অৱতীৰ্ণ হ'ব পাৰি তথা পৰীক্ষাত সফল হ'বলৈ হ'লে নিজক কিদৰে প্ৰস্তুত কৰিব লাগে সেই সম্পৰ্কে কলেজীয়া শিক্ষাৰ্থীসকলক লৈ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে বৃহস্পতিবাৰে 'আলোড়ন' নামেৰে এক উদ্দীপনমূলক অনুষ্ঠানৰ আয়োজন কৰে

author-image
Asomiya Pratidin
New Update
মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত তিনিচুকীয়া মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ উদ্দীপনামূলক অনুষ্ঠান সম্পন্ন...

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ অসম লোকসেৱা আয়োগ আৰু ভাৰতীয় লোকসেৱা আয়োগৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত কিদৰে অৱতীৰ্ণ হ'ব পাৰি তথা পৰীক্ষাত সফল হ'বলৈ হ'লে নিজক কিদৰে প্ৰস্তুত কৰিব লাগে সেই সম্পৰ্কে কলেজীয়া শিক্ষাৰ্থীসকলক লৈ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে বৃহস্পতিবাৰে 'আলোড়ন' নামেৰে এক উদ্দীপনমূলক অনুষ্ঠানৰ আয়োজন কৰে ।

Advertisment

জিলাখনৰ কেইবাখনো মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সন্মিলনৰ জিলা সমিতিৰ সহযোগত আয়োজিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁইয়ে সন্মিলনৰ এই উদ্যোগ এক উল্লেখনীয়, গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী কাৰ্যসূচী বুলি মন্তব্য কৰে ।

তেওঁ সু-শৃংখল সমাজ ব্যৱস্থা গঢ়াৰ উদ্দেশ্যে অধ্যয়ন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায় ।

মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি ৰণজিৎ গোহাঁই, সম্পাদক স্বৰূপ গোহাঁই, তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সূৰ্য চুতীয়া, মটক সন্মিলনৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা, লেখক-চিন্তাবিদ, ফটিক চন্দ্ৰ নেওগ, মটক স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁই, মটক মহিলা পৰিষদৰ সভাপতি ৰূপালী গোহাঁই আৰু সম্পাদক পূৰবী খনিকৰ, তিনিচুকীয়া উকীল সন্থাৰ সভাপতি বিশ্বজিৎ প্ৰসাদকে মুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, অধ্যাপক আদি উপস্থিত থকা অনুষ্ঠানটোত পোন প্ৰথমে শিক্ষাৰ্থীসকলক উদ্দেশ্যি নিৰ্দিষ্ট বিষয়ৰ ওপৰত বক্তৃতা ৰাখে প্ৰাক্তন উপায়ুক্ত যোগেশ বৰুৱাই ।

তেওঁ লোকসেৱা আয়োগৰ লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা অৱতীৰ্ণ হ'বলৈ নিজকে কেনেকৈ সাজু কৰিব লাগে তাৰ সম্যক ধাৰণা দি পৰামৰ্শমূলক তথা অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে । তদুপৰি তেওঁ পাৱাৰ প্ৰজেক্ট প্ৰেজেনটেচনৰ জৰিয়তেও শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষা সন্দৰ্ভত যথোপযুক্ত জ্ঞান দিবলৈ যত্নপৰ হয় ।

অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক আই পি এছ শ্বেতাংগ মিশ্র, প্ৰবেচনাৰ আই পি এচ অতুল কুমাৰ আৰু আই পি এচ নিতিশা জগতাগেও শিক্ষাৰ্থীসকলক উদ্দেশ্যি পৰামৰ্শমূলক বক্তব্য ৰাখে ।

তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সূৰ্য চুতীয়াই অনুষ্ঠানটোৰ বাবে মটক যুৱ-ছাত্ৰ সন্মিলনৰ এই উদ্যোগক উচ্চ প্ৰশংসা কৰি এনে কাৰ্যসূচীৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ অনুৰোধ জনায় ।

বিশিষ্ট লেখক, চিন্তাবিধ ফটিক চন্দ্ৰ নেওগেও শুভেচ্ছামূলক বক্তব্য ৰাখে । সন্মিলনৰ জিলা সভাপতি জিন্টু বৰগোহাঁইয়ে আঁত ধৰা আজিৰ অনুষ্ঠানৰ মাজতে মটক জনগোষ্ঠীৰ হুঁচৰি আৰু গাভৰুসকলৰ গছতলৰ বিহু প্ৰদৰ্শন কৰা হয় ।

Also Read: হাওৰাঘাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞানভিত্তিক আৰ্হি প্ৰস্তুত-প্ৰদৰ্শন...

tinsukia collage motak youth