/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9ca519cf-4ba2-4afd-a8a0-2d64f9d6bd66/sceince.jpg)
বিজ্ঞানভিত্তিক আৰ্হি প্ৰস্তুত-প্ৰদৰ্শন
প্ৰতিদিন সেৱা, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে বৃহস্পতিবাৰে হাওৰাঘাট খণ্ড আৰ্যভট্টই বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিক আৰ্হি প্ৰস্তুত আৰু প্ৰদৰ্শন, ধাৰণা আৰু বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ গুৱাহাটীৰ সহযোগত হাওৰাঘাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি বিপুল চন্দ্ৰ দেৱে । বিজ্ঞানভিত্তিক আৰ্হি প্ৰস্তুত আৰু প্ৰদৰ্শন আৰু বিভিন্ন প্ৰতিযোগিতা সমূহৰ শুভ উদ্বোধন কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ প্ৰাক্তন সভাপতি তৰুণ চন্দ্ৰ সন্দিকৈয়ে ।
ইয়াৰ পিছতে অনুষ্ঠিত কৰা হয় বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা, বিজ্ঞানভিত্তিক ছবি অঁকা আৰু বিজ্ঞানভিত্তিক আকস্মিক বক্তৃতা প্ৰতিযোগিতা । হাওৰাঘাটৰ বৃহত্তৰ অঞ্চলটোৰ মুঠ ২০ খন বিদ্যালয়ৰ প্ৰায় ২৫০ জন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে । তদুপৰি বিজ্ঞানভিত্তিক দূৰবীন যন্ত্ৰণৰ সহায়ত মহাকাশ নিৰীক্ষণ কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d69a4b3e-27db-4842-b7b7-ec6188ad5e30/dc8e7c31_c38e_4b80_ac70_ea2059c2406f.jpg)
ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যৰে Grooming and Mentoring কাৰ্যসূচীও সমাপন কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয় ।
সভাত সভাপতিত্ব কৰে বিদায়ী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ সন্দিকৈয়ে । সভাৰ উদ্দেশ্য ব্যাখ্যা তথা সমূহ কাৰ্যসূচীৰ পৰিচালনা আৰু আঁত ধৰে খণ্ড সমন্বয়ক প্ৰবীণ নাথে ।
সভাত বিশিষ্ট অতিথি হিচাপে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক ভৱানন্দ খাখলাৰীৰ লগতে কৰুণা কান্ত বড়ো, বিমল ধৰ, দেৱেন্দ্ৰ শৰ্মা, কৃষ্ণ ৰাজবংশী, পংকজ বড়ো, পংকজ শইকীয়া, ৰাজু ইংতি, ব্ৰজেন তিমুং, কনক দাস, অৰ্ণৱ বৰা, ডিম্বেশ্বৰ কলিতা আদি উপস্থিত থাকে ।
বিজয়ী প্ৰতিযোগি সকলক একোখনকৈ মানপত্ৰ, ট্ৰফি আৰু ফুলৰ থোৰা প্ৰদান কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f10895ee-ac27-4572-98b5-c5d19a2bf91e/aaba2818_8c2c_4136_87c0_3baf3c95aa02.jpg)
Also Read: মাৰ্ঘেৰিটা কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডত আছে নেকি আন কোনোবা জড়িত?