/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/terash-gowala-e-ca56-423a-a727-c032ea9deabd.jpg)
ক'ৰ পৰা আহিল তেৰচ গোৱালাৰ বাহনত গুলীৰ অংশ....
ডিজিটেল ডেস্কঃ বিধায়ক তেৰচ গোৱালাৰ বাহনৰ চকাত গুলীৰ অংশ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। দুলীয়াজানৰ বিজেপি বিধায়ত তেৰচ গোৱালাৰ ইন'ভা বাহনখনৰ বাওঁফালৰ চকাত উদ্ধাৰ হৈছে এই গুলীৰ অংশটো।
তেওঁৰ এই ইন'ভা বাহনখনৰ নম্বৰ এ এছ-০১ ই ভি ৫৮৯৯ । উল্লেখ্য যে, আজি তেওঁৰ এই বাহনখন পামচাৰ হোৱাৰ পাছতে সেই পামচাৰ ঠিক কৰিবলৈ লৈ যোৱাৰ পাছতে চকাটোত এই গুলীৰ অংশটো উদ্ধাৰ হয়।
ইয়াৰ পাছতে বিধায়কগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। কিন্তু এতিয়াও জানিব পৰা হোৱা নাই, ক'ৰ পৰা, কেনেকৈ এই গুলীৰ অংশটো তেওঁৰ চকাত সোমাল।
Also Read: UPSC ত পঞ্চম স্থান পোৱা ময়ূৰে ক'লে 'সুখী অনুভৱ কৰিছো': পিতৃয়ে ক'লে এয়া অসমৰ সাফল্য...