dangor kotha
dangor kotha

শদিয়াৰ আঠ মাইলত উদ্ধাৰ পৰশুৰামকুণ্ডত সন্ধানহীন শোভা শ্বাহৰ মৃতদেহ

ডিজিটেল সংবাদ,তিনিচুকীয়া : যোৱা ২৫ আগষ্টৰ পুৱা অৰুণাচল প্ৰদেশৰ পৰশুৰামকুণ্ডৰ লোহিত নদীত স্বামী মনোজ শ্বাহ আৰু মাতৃ লীলাৱতী দেৱী সহিতে সন্ধানহীন হোৱা মনোজৰ পত্নী শোভা শ্বাহৰ মৃতদেহ দেওবাৰে দিনৰ প্ৰায় ২বজাত শদিয়াৰ আঠ মাইলত উদ্ধাৰ হয় ।

জানিব পৰা মতে শোভাৰ মৃতদেহ পানী যুৱলিত উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত নিৰ্দিষ্ট স্থানত শদিয়া আৰক্ষীৰ লগতে এন ডি আৰ এফ আৰু এচ ডি আৰ এফ বাহিনীৰ লোক উপস্থিত হৈ শোভাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শদিয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । পৰিয়ালৰ লোকো মৃতদেহ উদ্ধাৰ হোৱা থলীত উপস্থিত হোৱাত অঞ্চলটো এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত ডুমডুমা ৰাজহুৱা শ্মশানত শোভাৰ মৃতদেহৰ সৎকাৰ কৰা হয় । আনফালে লোহিত নদীৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত আজি দিনজোৰা উদ্ধাৰ অভিযান চলাইয়ো এন ডি আৰ এফ আৰু এচ ডি আৰ এফ বাহিনীৰ লোকে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল মনোজ শ্বাহ আৰু লীলাৱতী দেৱীক ।

বাঢ়নী পানীয়ে ওফণ্ডি থকা খৰস্ৰোতা লোহিত নদী আৰু ব্ৰহ্মপুত্ৰত উদ্ধাৰ অভিযান চলোৱাতো তেওঁলোকৰ বাবে সমস্যা হৈ পৰিছে । স্মৰ্তব্য যে যোৱা ২৫ জুলাইত কাকপথাৰৰ বাসিন্দা মনোজ শ্বাহে পত্নী শোভা শ্বাহ, পুত্ৰ আয়ুস, শহুৰ মোহন প্ৰসাদ গুপ্তা আৰু শাহু লীলাৱতী দেৱীক লগত লৈ অৰুণাচল প্ৰদেশৰ পবিত্ৰ তীৰ্থস্থান পৰশুৰামকুণ্ড দৰ্শন কৰিবলৈ গৈছিল ।

পৰশুৰামকুণ্ডৰ পবিত্ৰ ব্ৰহ্মকুণ্ডত স্নান কৰি থাকোতেই লোহিত নদীৰ এক প্ৰকাণ্ড ঢৌৱে উটুৱাই নিছিল মনোজ শ্বাহ, পত্নী শোভা আৰু শাহু লীলাৱতী দেৱীক । আজি তৃতীয় দিনা শোভাৰ মৃতদেহ শদিয়াৰ আঠমাইলত উদ্ধাৰ হয় যদিও মনোজ আৰু লীলাৱতীৰ কোনো সম্ভেদ নোপোৱাত গভীৰ উৎকন্ঠাত সময় অতিবাহিত কৰিছে পৰিয়ালৰ লোকে ।

dangor kotha
আৰম্ভ হ'ল প্ৰদেশ কংগ্ৰেছৰ 'বাগানে বাগানে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in