/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/af447686-cc34-4698-931b-4873c2e37fe0/58.jpg)
ডিজিটেল সংবাদ,তিনিচুকীয়া : এসময়ত কংগ্ৰেছৰ ভেটি হিচাপে চিহ্নিত উজনিৰ চাহ বাগিচাত হেৰুৱা আস্থা পুনৰ উভতাই আনিবলৈ কঁকালত টঙালি বান্ধিছে প্ৰদেশ কংগ্ৰেছে । হেৰুৱা সমষ্টি পুনৰুদ্ধাৰ অভিযানৰ অংশস্বৰূপে অসম প্ৰদেশ কংগ্ৰেছে ঘোষণা কৰা 'বাগানে বাগানে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী দেওবাৰে ডুমডুমা বিধানসভাৰ অন্তৰ্গত ৰূপাই চাহ বাগিছাৰ পৰা আৰম্ভ হয় ।
প্ৰতিকূল বতৰকো নেওচি সহস্ৰাধিক সাধাৰণ জনতা তথা খাটিখোৱা চাহ শ্ৰমিকৰ লগতে কংগ্ৰেছৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোক বিপুল সঁহাৰি জনায় । ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা চত্তীশগড় চৰকাৰৰ সংসদীয় সচিব বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু ৰাণী নৰহ, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, প্ৰাক্তন বিধায়িকা ৰ'জলিনা তিৰ্কী আৰু দুৰ্গা ভূমিজ, যুৱ কংগ্ৰেছৰ উপ-সভানেত্ৰী সাগৰিকা বৰা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ জয়প্ৰকাশ দাস আৰু মৌচুম বৰুৱা উক্ত কাৰ্যসূচীত উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/273c70b9-766d-4ec1-a5a6-ee31f96e1472/6e10735a_87b2_4d18_bd45_f567006a06f8.jpg)
এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সমবেত ৰাইজ তথা চাহ শ্রমিকক উদ্দেশ্যি বাগিচাৰ ৰাইজৰ মনৰ বতৰা আৰু খবৰ ল'বলৈ অহা বুলি সদৰি কৰি বিজেপি শাসিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে । বিশেষকৈ চৰকাৰখনে চাহ বাগিচা অধ্যুষিত অঞ্চলৰ ৰাইজক কৰা অৱহেলাৰ কথা দোহাৰি চাহ শ্রমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, চাহ শ্রমিকক মাটিৰ পট্টা দিয়া, বাগিচা বিক্ৰীৰ জড়িয়তে শ্রমিকৰ কৰ্মসংস্থাপন সংকুচিত কৰা আদি বিষয়সমূহত বিজেপি চৰকাৰে পিঠি দি অহা বুলি বৰাই উল্লেখ কৰে ।
Also Read: বিজেপিত খহনীয়া : বিজেপি ৱাৰ্ড কমিছনাৰৰ কংগ্ৰেছত যোগদান