শুকানপুখুৰী চাহ বাগিচাৰ ব্যৱস্থা গ্ৰহণৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্তক স্মাৰক-পত্ৰ চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ

শ্রম বিভাগ, জিলা প্ৰশাসন, ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু মালিকপক্ষই বাগিচাখনৰ প্ৰতি সম্পূৰ্ণ পিঠি দিয়া বুলিয়েই একে আষাৰে ক'ব পাৰি
শুকানপুখুৰী চাহ বাগিচাৰ ব্যৱস্থা গ্ৰহণৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্তক স্মাৰক-পত্ৰ চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ

ডিজিটেল সংবাদ, তিনিচুকীয়া : ৰাজ্য চৰকাৰ, শ্রম বিভাগ, জিলা প্ৰশাসন তথা মালিকপক্ষৰ অৱহেলাৰ হেতু মৃতপ্ৰায় হোৱাৰ দিশে গতি কৰা তিনিচুকীয়াৰ শুকানপুখুৰী চাহ বাগিচাৰ ভূমিত এতিয়া বিভিন্ন পক্ষৰ লোলোপ দৃষ্টি পৰিছে । ইতিমধ্যে চল-চাতুৰীৰে অথবা প্ৰভাৱ খটুৱাই বিভিন্নজনে বাগিচাখনৰ চাহতলিৰ অংশ অবৈধভাৱে হস্তগত কৰি নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে ।

আইন মতে চাহতলিৰ মাটি কোনো পক্ষলৈ হস্তান্তৰ নহয় যদিও 'মেনেজ'ৰ জৰিয়তে সেয়া সম্ভৱ হৈছে শুকানপুখুৰী চাহ বাগিচাত । বাগিচাখনৰ শ্রমিকৰ দুৰ্ভগীয়া দিশটো সকলোৱে উলাই কৰি সম্প্ৰতি মাটি দখল কিম্বা দালালিত অৱতীৰ্ণ হৈছে ।

বাগিচাখনৰ বিভিন্ন সমস্যাক লৈ জনগোষ্ঠীটোৰ সংগঠনসমূহে এটা সময়ত সোচ্চাৰ হৈ উঠিছিল যদিও বৰ্তমান সেইসকলো নিশ্চুপ থকা পৰিলক্ষিত হৈছে । আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল তিনিচুকীয়া সমষ্টিৰ বিধায়কগৰাকী ৰাজ্য চৰকাৰৰ চাহ জনজাতি কল্যাণ আৰু শ্রম দপ্তৰৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী । নিজকে চাহ জনগোষ্ঠী দৰদী মন্ত্ৰী বুলি জাহিৰ কৰা মন্ত্ৰীগৰাকীৰ পিচে শুকানপুখুৰী চাহ বাগিচাৰ দুৰ্ভগীয়া শ্রমিকসকলৰ ক্ষেত্ৰত কিয় থমকি ৰয় সেয়াহে নুবুজাৰ সাঁথৰ হৈ পৰিছে ।

কিয়নো বাগিচাখনক লৈ চাহ জনজাতি কল্যাণ আৰু শ্রম মন্ত্ৰীগৰাকীয়ে কিবা এটা কৰা প্ৰত্যক্ষ হোৱা নাই । শ্রম বিভাগ, জিলা প্ৰশাসন, ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু মালিকপক্ষই বাগিচাখনৰ প্ৰতি সম্পূৰ্ণ পিঠি দিয়া বুলিয়েই একে আষাৰে ক'ব পাৰি । কাৰণ বাগিচাখনত সংঘটিত হৈ থকা অন্যায়-অনিয়মসমূহৰ বিপৰীতে এইসকল সম্পূৰ্ণ নিমাত বুলিয়েই প্ৰমাণিত হৈছে ।

শেহতীয়াকৈ বাগিচাখনৰ ৩ নং চেকচনত (বালুগাদাৰ সমীপত ) কোনো সুবিধাবাদীয়ে মাটি দখলৰ অভিপ্ৰায়েৰে প্রায় ২০০০ বর্গফুট চাহগছ ধ্বংস কৰা কাৰ্যই বাগিচাখনৰ বৰ্তমানৰ সংকতপূৰ্ণ স্থিতিটোকে স্পষ্ট কৰিছে । ইয়াৰ পূৰ্বেও বাগিছাখনৰ চাহগছ কাটি ধ্বংস কৰা হৈছিল আৰু জিলা উপায়ুক্তক অভিযোগো দিয়া হৈছিল । পিচে জিলা প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত মাটি দখলৰ পুনৰাবৃত্তি ঘটিছে বাগিচাখনত ।

এনে প্ৰেক্ষাপটত চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিয়ে বৃহস্পতিবৰে জিলা উপায়ুক্তক সাক্ষাৎ কৰি শুকানপুখুৰী চাহ বাগিচাৰ চাহগছ ধ্বংস তথা অসৎ উপায়েৰে চাহতলিৰ মাটি হস্তগত কৰা সন্দৰ্ভত বিহীত ব্যৱস্থা ল'বলৈ এক দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰে ।

স্মাৰক-পত্ৰৰ জৰিয়তে মহাসভাই দাবী কৰে যে বাগিচাখনৰ শ্রমিকে ৬০ বছৰে শ্ৰম কৰি অৱসৰগ্ৰহন কৰাৰ পিছত পি এফৰ ধন কেইটাৰ বাবে হাবাথুৰি খাই ফুৰিছে । অন্যহাতে অৱসৰ পোৱা পৰিয়ালৰ সদস্যক বাগিচাত কাম নিদিয়াত ভূমিহীন হৈ যাযাবৰী জীৱন কটাবলৈ বাধ্যত পৰিছে । কিন্তু মালিকপক্ষই বাগিচাৰ শ শ বিঘা খালী মাটি (চাহগছ নথকা) অসৎ পন্থাৰে বিভিন্ন পক্ষক লীজত দিছে অথবা বিক্রী কৰি আছে ।

ভাৰত চৰকাৰে প্ৰস্তুত কৰা The Plantation Labour Act-1951 আৰু অসম চৰকাৰে উক্ত আইন কাৰ্যকৰী কৰিবলৈ প্ৰস্তুত কৰা নিয়মাৱলী The Assam Plantations Labour Rules-1956 খন শুকানপুখুৰী চাহ বাগিচাত দৈনিক ভংগ হৈ আছে যদিও গা লৰা নাই সংশ্লিষ্ট বিভাগৰ । তদুপৰি চাহ বাগিচাৰ ভূমি সংৰক্ষিত সন্দৰ্ভত Assam Land & Revenue Regulation-1886ৰ Section 162ত উল্লেখ কৰা অনুসৰি চাহতলিৰ মাটি অহস্তান্তৰিত বুলি স্পষ্ট কৰা আছে ।

পিছে সেয়াও বাগিচাখনত প্ৰযোজ্য হোৱা নাই । বাগিচাখনৰ শ্রীশ্রীকৃষ্ণ মন্দিৰৰ দেৱালৰ কাষত তিনিচুকীয়াৰ জনৈক জহৰ আগৰৱালা, সুাশীল মান্ধানীয়া, ৰাজেশ মান্ধানীয়া, বাগিছাখনৰ পৰিচালক নন্দেশ্বৰ কলিতাৰ পত্নী মঞ্জু কলিতা আদিকে মুখ্য কৰি বহুগৰাকীৰ নামত বহু হেক্টৰ মাটি হস্তান্তৰিত কৰা হৈছে ।

তেনেস্থলত এইক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰশাসন আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভূমিকা ৰহস্যজনক বুলি চাহ জনগোষ্ঠী জাতীয় মহাসভাই স্মাৰক-পত্ৰৰ যোগেদি অভিযোগ উত্থাপন কৰি অতিশীঘ্ৰে বাগিচাখনত সংঘটিত হৈ থকা অন্যায়-অনিয়মৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে ।

শুকানপুখুৰী চাহ বাগিচাৰ ব্যৱস্থা গ্ৰহণৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্তক স্মাৰক-পত্ৰ চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ
জঘন্য ! শিশুক বন্দী কৰি ঘৰত লগাই দিলে জুই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in