জঘন্য ! শিশুক বন্দী কৰি ঘৰত লগাই দিলে জুই...

চাইফুলক চিকিৎসাৰ বাবে পত্নীয়ে চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত অকলশৰে থাকিব লগা হৈছিল চাইফুলৰ কন্যা শিশু

author-image
Asomiya Pratidin
New Update
জঘন্য ! শিশুক বন্দী কৰি ঘৰত লগাই দিলে জুই...

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ আমবাগানত জঘন্য কাণ্ড । শিশুক বন্দী কৰি বাসভৱনত লগাই দিলে জুই । আমবাগান পশ্চিম সোৱালনি গাঁৱত সংঘটিত হৈছে এই জঘন্য কাণ্ড ।

Advertisment

জানিব পৰা মতে পাৰিবাৰিক কাজিয়াৰ পৰিণতিত সংঘটিত হয় এই ঘটনা ৷ অগ্নি কাণ্ডত ভস্মীভূত হয় চাইফুল ইছলাম নামৰ এগৰাকী ব্যক্তিৰ ঘৰ ৷ হাবিবুৰ ৰহমান আৰু চাইফুল ইছলাম নামৰ দুই ভাতৃৰ মাজত মাটি বাৰীক লৈ কাজিয়াৰ সূত্ৰপাত হয় । দুয়োপক্ষৰ মাৰপিটত আহত হয় চাইফুল ইছলাম ।

চাইফুলক চিকিৎসাৰ বাবে পত্নীয়ে চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত অকলশৰে থাকিব লগা হৈছিল চাইফুলৰ কন্যা শিশু। ইয়াৰে সুযোগ গ্ৰহণ কৰি হাবিবুৰে কিশোৰী গৰাকীক ঘৰৰ ভিতৰত থকা অৱস্থাত বাহিৰৰ পৰা জুই লগাই দিয়ে । অৱশ্যে প্ৰাণ ৰক্ষা পৰে চাইফুলৰ কন্যাৰ ।

ওচৰ চুবুৰীয়াৰ প্ৰচেষ্টাত জুইৰ মাজৰ পৰা কিশোৰী গৰাকীক সুস্থ অৱস্থাত উদ্ধাৰ কৰা হয় যদিও ঘৰটো ভস্মীভূত হয় । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । আনহাতে অভিযুক্ত হাবিবুৰ ৰহমানক আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।

Also Read: নগাঁৱত গ্ৰামীণ ডাক সেৱকৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

Assam police crime fire