মাৰ্ঘেৰিটা মহকুমা জনসংযোগ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

মাৰ্ঘেৰিটা মহকুমা জনসংযোগ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ডিজিটেল সংবাদ,মাৰ্ঘেৰিটা : দেশৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস গাম্ভীৰ্যপূৰ্ণভাৱে পালন কৰা হয় । মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন আৰু মাৰ্ঘেৰিটা মহকুমা জনসংযোগ বিভাগৰ উদ্যোগত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদমাধ্যমৰ ভূমিকা শীৰ্ষক বিষয়ৰ ওপৰত এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় ।

ভাৰপ্ৰাপ্ত মহকুমাধিপতি প্ৰীতম গগৈয়ে উদ্বোধনী ভাষণ আগবঢ়ায় । আলোচ্য বিষয় সন্দৰ্ভত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপদেষ্টা ৰাম প্ৰসাদ আম্বেদকাৰ, সভাপতি পাৰ্থপ্ৰতীম গোস্বামী উপ সভাপতি সমীৰণ বৰঠাকুৰ, যুটীয়া সম্পাদক মানস প্ৰতিম গগৈ,প্ৰাঞ্জল প্ৰতিম ভূঞা,বিনন্দ কোঁ‌ৱৰ আদিয়ে ভাষণ আগবঢ়ায়।

লগতে উপস্থিত আন আন সাংবাদিকে বিষয় সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত এটি গীত পৰিবেশন কৰে সম্প্ৰীতি বৰঠাকুৰে । শলাগৰ শৰাই আগবঢ়াই জনসম্পৰ্কৰক্ষী বিষয়া গুৰমিত সিং কৌৰে।

সভাত উপস্থিত থাকি সহকাৰী আয়ুক্ত প্রণামিকা কোঁৱৰ, সহকাৰী পঞ্জীয়ক মিৰাণ্ডা ঠাকুৰ আদিয়েও নিজ নিজ বক্তব্য আগবঢ়ায়। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰাৰ পাছতেই নিমন্ত্ৰিত সাংবাদিকসকলক জনসংযোগৰ বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

মাৰ্ঘেৰিটা মহকুমা জনসংযোগ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন
গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in