গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন...

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন...
গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন...

ডিজিটেল সংবাদ,গুৱাহাটী : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত বৃহস্পতিবাৰে আয়োজন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামীয়ে আঁত ধৰা সভাখনত মূল বক্তা হিচাপে উপস্থিত থাকে দ্য প্ৰিণ্টৰ জ্যেষ্ঠ সংবাদদাতা কাৰিশ্মা হাস্নত, বিশ্ববিদ্যালয়ৰ কলা গুৰু অধ্যাপক ( ড° )জয়ন্ত কৃষ্ণ শৰ্মা, ড° জগদীশ শৰ্মা।

অনুষ্ঠানৰ আঁত ধৰে যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অতিথি অধ্যাপক তথা জ্যেষ্ঠ সাংবাদিক ড০ ৰমণ বৰাই। সভাখনত কৃত্ৰিম বুদ্ধিমত্তা আৰু সংবাদ মাধ্যমত ইয়াৰ ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱক মূল বিষয়বস্তু হিচাপে লৈ আলোচনা কৰা হয়।

ড° জয়ন্ত কৃষ্ণ শৰ্মাই বৰ্তমান সময়ত সংবাদ মাধ্যমে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান বিষয়ে আলোচনা কৰে। লগতে কেনেদৰে ইয়াৰ সৈতে মোকাবিলা কৰি ইয়াৰ ধনাত্মক বিষয়সমূহ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে উল্লেখ কৰে।

আনহাতে সাংবাদিকতাত নৈতিকতাৰ বিষয়ে উল্লেখ কৰি বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব ড° জগদীশ শৰ্মাই কয়, বৰ্তমান কিছুসংখ্যক সংবাদকৰ্মীয়ে আৰক্ষীৰ দৰে ভূমিকা পালন কৰা দেখা পোৱা গৈছে যিটো একেবাৰে শুভলক্ষণ নহয়। লগতে তেওঁ বৰ্তমান সংবাদকৰ্মী আৰু আগৰ দিনৰ সংবাদ কৰ্মীৰ বিষয়েও উল্লেখ কৰে।

সাংবাদিক কাৰিশ্মা হাস্নতে উত্তৰ পূৰ্বাঞ্চলত মহিলা সাংবাদিকৰ প্ৰভাৱ,কৃত্ৰিম বুদ্ধিমত্তাত থকা অসুবিধাসমূহ তথা নিজৰ অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে। তদুপৰি জেষ্ঠ্য সাংবাদিক তথা যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অতিথি অধ্যাপক ড° ৰমন বৰাই কৃত্ৰিম বুদ্ধিমত্তাৰ সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰে।

তেওঁ কয়- "কৃত্ৰিম বুদ্ধিমত্তা বিষয়সমূহ বৰ্তমান সময়ত একেবাৰে নুই কৰিব নোৱাৰি। ইয়াৰ বহু ধনাত্মক প্ৰভাৱ আছে কিন্তু বৰ্তমান সময়ত ইয়াক বহুতে অপব্যৱহাৰ কৰিছে"।

লগতে বিভাগৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যিসকল সাংবাদিকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশৰ প্ৰতি সমৰ্পিত কৰিছে ,সেইসকলৰ প্ৰতি একাজলি শ্ৰদ্ধাঞ্জলি জনাই আলোকচিত্ৰ প্ৰদৰ্শন কৰে। তদুপৰি এই অনুষ্ঠানত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে যুগুতাই উলিওৱা কমিউনিটি বাতৰি কাকত 'জি ইউ টাইমছ'ৰ বিশেষ সংস্কৰণ উদ্বোধন কৰা হয়।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি 'মানৱ অধিকাৰৰ বাহক হিচাপে চলচ্চিত্ৰৰ ভূমিকা' বিষয়ৰ এক আলোচনা কৰা হয়। য'ত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট ছবি নিৰ্মাতা পাৰ্থজিৎ বৰুৱাৰ লগতে বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা পৰিবেশ্য কলা কেন্দ্ৰৰ সঞ্চালক আশা কোথাৰী চৌধুৰী।

পৰিচালক বৰুৱাই "মানৱ অধিকাৰৰ বাহক হিচাপে চলচ্চিত্ৰৰ ভূমিকা" শীৰ্ষক বিষয়ত সাৱলীল ভাষণ প্ৰদান কৰাৰ লগতে তেওঁৰ মুক্তি পাবলগীয়া কথাছবি "নেলীৰ কথা"ৰ বিষয়টো আলোকপাত কৰি ছাত্ৰ - ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত উপস্থিত থাকে বিভাগৰ মূৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামী, সহকাৰী অধ্যাপিকা ড° ভাৰতী ভৰালী, লোক সংস্কৃতি গৱেষণা বিভাগৰ অধ্যাপিকা ড° মেঘনা চৌধুৰী আৰু সহকাৰী অধ্যাপকদ্বয় ড° বিষ্ণু শইকীয়া আৰু নিশান্ত শৰ্মা তথা অন্য বিভাগৰ সমূহ শিক্ষাৰ্থী।

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন...
মধ্যপ্ৰদেশ কাৰ? জনতাই দিব জনাদেশঃ ২৩০ খন আসনত ২৫৩৪ জনৰ প্ৰতিদ্বন্দিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in