মাৰ্ঘেৰিটা মহাবিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ আনুষ্ঠানিক দায়িত্ব অৰ্পণ

মাৰ্ঘেৰিটা মহাবিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ আনুষ্ঠানিক দায়িত্ব অৰ্পণ

author-image
Asomiya Pratidin
New Update
মাৰ্ঘেৰিটা মহাবিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ আনুষ্ঠানিক দায়িত্ব অৰ্পণ

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ আনুষ্ঠানিক দায়িত্ব ভাৰ অৰ্পণ কাৰ্য্যসূচী শনিবাৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতিয়ে পৌৰোহিত্য কৰা অনুষ্ঠানৰ আঁ‌ত ধৰে অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° ৰমেন হাজৰিকাই।

শনিবাৰে সভাত ২০২৩ ৰ পৰা ২০২৮ বৰ্ষলৈকে সভাপতি মোলেন বৰুৱা, সম্পাদক মানস প্ৰতিম গগৈ, সহকাৰী সম্পাদক চিন্তু গগৈ, উপসভাপতি মনিষ শৰ্মা, কোষাধ্যক্ষ কমলেশ ডুবে, শিক্ষক সমম্বয়ক অঞ্জন বৰদলৈ, নিলাভ জ্যোতি কোঁ‌ৱৰ, প্ৰতীতি বৰপূজাৰীক কাৰ্য্যবাহী সদস্য তথা সত্য ৰঞ্জন বৰকাকতি মুখ্য উপদেষ্টা হিচাপে লৈ আগন্তুক ৫ বছৰৰ বাবে এক শক্তিশালী কমিটি গঠন কৰা হয়।

শনিবাৰৰ সভাতে অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড° জ্যোতি গগৈয়ে আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সৈতে প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সম্পৰ্ক তথা উচ্চ শিক্ষা প্ৰতিষ্ঠানত প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ ভূমিকা সম্পৰ্কে বিশদ ভাৱে ব্যাখ্যা আগবঢ়ায়। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক য়েমোখ্যা ফাকেও সভাত উপস্থিতি থাকি শুভেচ্ছামূলক ভাষণ আগবঢ়ায়।

Also Read: হাজোত ৬ মহীয়া দেৱশিশু চুৰি : আৰক্ষীৰ জালত জেঠায়েক

মাৰ্ঘেৰিটা মহাবিদ্যালয়