তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ পেঙেৰী দুৱাৰমৰা চাহ বাগিছাৰ দুই নং লাইনত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সকলোকে ।স্বামীয়ে দা'ৰে ঘপিয়াই হত্যা কৰিলে পত্নীক । নিজ বাসগৃহতে সঞ্জিত হালুৱাই শিৰচ্ছেদ কৰে পত্নী সুমিত্ৰা হালুৱাক (৩৫)। ঘৰুৱা কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ।

Advertisment

ঘটনাস্থলীত ইতিমধ্যে পেঙেৰী আৰক্ষী উপস্থিত অভিযুক্ত হত্যাকাৰী স্বামী সঞ্জিত হালুৱাক কৰায়ক্ত কৰিছে । ঘৰুৱা কন্দলৰ পৰিণতিত এনেদৰে পত্নীক শিৰচ্ছেদ কৰা কাৰ্যত সকলোৱে সচকিত হৈছে ।

Also Read: বৰষুণৰ মাজতো ৰাইডঙীয়া ৰজা গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড...

murder case