বৰষুণৰ মাজতো ৰাইডঙীয়া ৰজা গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড...

বৰষুণৰ মাজতেই ৰাইডঙীয়া ৰজা গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড...

author-image
Asomiya Pratidin
New Update
বৰষুণৰ মাজতো ৰাইডঙীয়া ৰজা গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মুষলধাৰ বৰষুণৰ মাজতেই দেওবাৰে নিশা নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া ৰজা গাঁৱত ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত টেলিভিছন, ঘৰৰ আচবাবসহ ৫ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে গুৰুত্বপূৰ্ণ নথি পত্ৰ জাহ যায়। ৰজাগাঁৱৰ বিনোদ ৰাজা নামৰ এজন কৃষকৰ বাসগৃহত সংঘটিত হয় এই ঘটনা।

Advertisment

এডাল মম বাতিৰ পৰা জুইৰ লেলিহান শিখাই আবৰি ধৰে সম্পূৰ্ণ বাসগৃহটো। ঘৰৰ ভিতৰত টেবুলত মম জ্বলাই থৈ গৰাকীয়ে দোকানলৈ যাওঁতেই, মমডাল টেবুলত পৰি বাগৰি গৈ কাৰ্টনত জ্বলি এই অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। পাছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নির্বাপন কৰিবলৈ সক্ষম হয়

Also Read: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণিত গছপুলি ৰোপণ...

fire