ডিজিটেল ডেস্কঃ দেওবাৰে তিনিচুকীয়া জিলাৰ মাকুম কলাবাৰী মছজিদত সংঘটিত হোৱা মছজিদটোৰ ইমামৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অবিশ্বাস্য তথ্য পোহৰলৈ আহিছে। সোমবাৰে ইমামক হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিজকে সমগ্ৰ হত্যাকাণ্ডটোৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা ইব্ৰাহিম আহমেদক।
কোনো হিন্দী চিনেমাৰ কাহিনীৰ দৰে হত্যাকাণ্ড সংঘটিত কৰি দেওবাৰে নিজকে হত্য়াকাণ্ডটোৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী বুলি জনাই সংবাদ মাধ্যমৰ আগত দিঘলীয়া ভাষ্য প্ৰদান কৰিছিল অভিযুক্ত ইব্ৰাহিম আহমেদে। আনকি হত্যাকাৰীৰ পোছাকৰ মিছা বিৱৰণো সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল ইব্ৰাহিমে। হত্যাকাৰীক আক্ৰমণ কৰি ইমামক হত্যাকাৰীৰ পৰা বছাবলৈ চেষ্টা কৰা বুলিও সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদান কৰিছিল ইব্ৰাহিমে।
তিনিচুকীয়াৰ এজন জ্যেষ্ঠ আৰক্ষীয়ে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰা অনুসৰি স্থানীয় লোকৰ সহায়ত অতি কম সময়ত আৰক্ষীয়ে গোচৰটো সমাধান কৰিবলৈ সক্ষম হ’ল৷ এই গোচৰৰ প্ৰধান অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে।
উল্লেখ্য যে, দেওবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত আজান দিবলৈ আহোতে মাকুম কলাবাৰী মছজিদত ডিঙি কাটি হত্যা কৰা হৈছিল মছজিদটোৰ ইমাম তেজিবুৰ ইছলামক। ৫৫ বছৰীয়া ইমামগৰাকী বিহাৰৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।