দুৰ্ঘটনাই প্ৰাণ কঢ়া শ্রমিকৰ মৃতদেহ লৈ পথ অৱৰোধ চাহ-শ্রমিকৰ

তিনিচুকীয়াৰ চানমাৰি চাহ বাগিচাৰ সুৰেণ মুৰ্মু নামৰ শ্রমিকজনক শনিবাৰে সন্ধিয়া বাহনৰ খুন্দাত মৃত্যুক আঁকোৱালি লয়

author-image
Asomiya Pratidin
New Update
দুৰ্ঘটনাই প্ৰাণ কঢ়া শ্রমিকৰ মৃতদেহ লৈ পথ অৱৰোধ চাহ-শ্রমিকৰ

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া চহৰৰ নিকটৱৰ্তী চানমাৰি চাহ বাগিচাৰ সুৰেণ মুৰ্মু নামৰ শ্রমিকজনক শনিবাৰে সন্ধিয়া এখন কেঁচা চাহপাত কঢ়িওৱা বাহনে খুন্দিয়াই পলায়ন কৰে। ঘটনাত থিতাতে নিহত হয় শ্রমিকজন।

Advertisment

এই ঘটনাৰ পাছতেই দেওবাৰে শ্রমিকজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্থানীয় চাহ শ্রমিকসকলে মৃতদেহ লৈ ক্ষতিপূৰণৰ দাবীত মাকুম বাইপাচ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। যাৰ ফলত বহু সময় ধৰি পথচোৱাৰে যান-বাহনৰ চলাচল বন্ধ হৈ পৰে।

অৱশ্যে পিছলৈ অৱৰোধস্থলীত আৰক্ষীৰ লগতে জিলা প্ৰশাসনৰ বিষয়া উপস্থিত হৈ ঘটনাৰ উচিত তদন্ত কৰাৰ আশ্বাস দিয়াত পথ অৱৰোধ উঠাই লয় । উল্লেখ্য যে, তিনিচুকীয়া জিলাত দিনক দিনে বৃদ্ধি পাইছে কেঁচা চাহপাত কঢ়িওৱা বাহনৰ দৌৰাত্ম্য।

Also Read: দ্বীবন-অনুৰাগক ১০ লক্ষাধিক টকা দিয়াৰ স্বীকাৰোক্তি আন এগৰাকীৰ

Assam police