লোহিত নদীৰ ঢৌয়ে উটুৱাই নিলে একেটা পৰিয়ালৰ ৩জনকৈ লোককঃ মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান

লোহিত নদীৰ ঢৌয়ে উটুৱাই নিলে একেটা পৰিয়ালৰ ৩জনকৈ লোককঃ মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান

ডিজিটেল সংবাদ, তিনিচুকীয়ঃ তিনিচুকীয়া জিলা প্ৰশাসনৰ লগতে অৰুণাচল প্ৰদেশৰ লোহিত জিলা প্ৰশাসনৰ তৎপৰতাত শনিবাৰে পুৱাৰে পৰা এচ ডি আৰ এফ বাহিনীয়ে দিনজোৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখে যদিও কোনোধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল শুকুৰবাৰে পৰশুৰাম কুণ্ডৰ লোহিত নদীত সন্ধানহীন হোৱা তিনি লোকৰ । শুকুৰবাৰে পুৱাৰ ভাগত তিনিচুকীয়া জিলাৰ কাকপথাৰ টাউনৰ বাসিন্দা তথা ক্ষুদ্ৰ ব্যৱসায়ী মনোজ শ্বাহে পত্নী, দ্বিতীয় সন্তান আৰু শহুৰ-শাহুক লৈ অৰুণাচল প্ৰদেশৰ ধৰ্মীয়স্থলী পৰশুৰাম কুণ্ডলৈ ফুৰিবলৈ যায়।

পৰশুৰামকুণ্ডৰ ব্ৰহ্মকুণ্ডত মনোজ শ্বাহ, তেওঁৰ পত্নী শোভা শ্বাহ আৰু শাহু লীলাৱতী দেৱীয়ে স্নান কৰিব যাওতে খৰস্ৰোতা লোহিত নদীৰ এক প্ৰচণ্ড ঢৌৱে তিনিওকে উটুৱাই নিয়ে। মনোজৰ পুত্ৰ আয়ুস আৰু শহুৰ মোহন প্ৰসাদ গুপ্তাৰ চকুৰ আগতে সংঘটিত এই কৰুণ ঘটনাৰ পিছৰে পৰা বৰ্তমানলৈ সন্ধানহীন হৈ আছে কেওজন। শুকুৰবাৰে সন্ধিয়া পৰশুৰামকুণ্ডত এচ ডি আৰ এফ বাহিনীৰ লোক উপস্থিত হয় যদিও আন্ধাৰ হোৱা বাবে উদ্ধাৰ অভিযান চলাব নোৱাৰিলে।

শনিবাৰে পুৱাৰে পৰা পৰশুৰাম কুণ্ডৰ আশে-পাশে আৰু ডিগাৰুৰ আলুবাৰী ঘাটত এচ ডি আৰ এফ ব‍হিনীয়ে উদ্ধাৰ অভিযান চলাই যদিও সন্ধানহীনৰ কোনোধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সমৰ্থ নহ'ল। উল্লেখ্য যে, লোহিত নদীৰ প্ৰবল সোঁত আৰু জলস্তৰ বৃদ্ধি পাই থকা বাবে এচ ডি আৰ এফ বাহিনীয়ে আশা কৰামতে অভিযান চলাব নোৱাৰিলে । অন্যহাতে লোহিত নদীৰ কোবাল সোঁতে তিনিওজনকে বহুদূৰ উটুৱাই নিয়া বুলি ঠাৱৰ কৰা হৈছে । ইফালে মনোজ শ্বাহৰ পৰিয়ালে খৰতকীয়া আৰু ফলপ্ৰসূ উদ্ধাৰ অভিযানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে।

লোহিত নদীৰ ঢৌয়ে উটুৱাই নিলে একেটা পৰিয়ালৰ ৩জনকৈ লোককঃ মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান
দুৰ্ঘটনাই প্ৰাণ কঢ়া শ্রমিকৰ মৃতদেহ লৈ পথ অৱৰোধ চাহ-শ্রমিকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in