স্থায়ী নাগৰিকত্ব বিচাৰি উত্তাল অৰুণাচলৰ নামচাই জিলাৰ লেকাং সমষ্টি

স্থায়ী নাগৰিকত্ব বিচাৰি উত্তাল অৰুণাচলৰ নামচাই জিলাৰ লেকাং সমষ্টি

author-image
Asomiya Pratidin
New Update
স্থায়ী নাগৰিকত্ব বিচাৰি উত্তাল অৰুণাচলৰ নামচাই জিলাৰ লেকাং সমষ্টি

ডিজিটেল সংবাদ,তিনিচুকীয়া : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাই জিলাত অতীজৰে পৰা বসবাস কৰি অহা মৰাণসকলক আজিপৰ্যন্ত অৰুণাচল চৰকাৰে স্থায়ী বাসিন্দা হিচাপে স্বীকৃতি প্ৰদান কৰা নাই তথা স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ আগবঢ়োৱা নাই । যাৰফলত খিলঞ্জীয়া জনগোষ্ঠীটোৰ লোকসকলে মাটিৰ অধিকাৰকে মুখ্য কৰি চাকৰি, শিক্ষা-দীক্ষা আৰু অন্যান্য ক্ষেত্ৰত সততে সংকতৰ সন্মুখীন হৈ আহিছে ।

Advertisment

ইতিপূৰ্বে পি আৰ চি প্ৰদানৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই কেইবালানিও আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে অৰুণাচল চৰকাৰৰ প্ৰতিনিধিৰে বৈঠকত মিলিত হৈছিল যদিও আজিলৈকে মৰাণসকলক স্থায়ী নাগৰিকত্বৰ মৰ্যদা দিয়া হোৱা নাই । যাৰ বাবে বুধবাৰে মৰাণ ছাত্ৰ সন্থাৰ অৰুণাচল প্ৰদেশ সমিতিয়ে লেকাং বন্ধ আহ্বান কৰাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ফলত আজি পুৱাৰে পৰা সন্ধিয়ালৈ সৰ্বাত্মক বন্ধৰ প্ৰভাৱ পৰে নামচাই জিলাৰ লেকাং সমষ্টিত ৷ স্থবিৰ হৈ পৰে জন-জীৱন ৷ স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহে লেকাঙৰ মৰাণ ৰাইজ ।

দুয়োখন ৰাজ্যৰ মাজত ব্যাহত হৈ পৰে পথ যোগাযোগ । অৰুণাচল প্ৰদেশে সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি পোৱাৰ পূৰ্বৰে পৰা বৰ অসমত (নেফা) বসবাস কৰি অহা ভূমিপুত্ৰ মৰাণসকলে বিষয়টো অৰুণাচল চৰকাৰক বাৰম্বাৰ জনাই অহাৰ পাছতো কাণসাৰ নিদিয়াৰ দীৰ্ঘদিনৰ অভিযোগ আছে ৷ বিগত সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীয়েও গা ল'ৰাব পৰা নাই অৰুণাচল চৰকাৰক ৷

সেয়ে আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ অৰুণাচল প্ৰদেশ সমিতিয়ে ১২ ঘন্টীয়া লেকাং বন্ধ আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি সন্থাৰ নেতৃবৰ্গই সদৰি কৰে ৷ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ঘোষণা কৰা এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰে সমগ্ৰ লেকাং সমষ্টিত ৷

সকলো দোকান-পোহাৰ, যান-বাহনৰ চলাচল বন্ধ হৈ পৰা পৰিলক্ষিত হয় ৷ বন্ধৰ কালচোৱাত জৰুৰীকালীন সেৱাসমূহৰ বাদে সকলো স্থবিৰ হৈ পৰে ৷ শীঘ্ৰেই মৰাণসকলক স্থায়ী নাগৰিকত্বৰ মৰ্যদা নিদিলে আগন্তুক দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই ।

স্মৰ্তব্য যে মৰাণসকলৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশৰ নামচাই, লোহিত, চাংলাং আদি জিলাত অতীজৰে পৰা বসবাস কৰি অহা দেউৰী, মিচিং, সোণোৱাল কছাৰী, লিচু (য়ুবিন), আদিবাসী, আহোম আদি কৰি মুঠ ৯ টা জনগোষ্ঠীক অৰুণাচল চৰকাৰে স্থায়ী বাসিন্দা হিচাপে স্বীকৃতি প্ৰদান কৰা নাই । যাৰবাবে সময়ে সময়ে এই জিলাকেইখনৰ পৰিৱেশ-পৰিস্থিতি উত্তাল হৈ থাকে।

Also Read: অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনৰ ৯৯ সংখ্যক মুম্বাই অধিৱেশন আৰম্ভ

arunachal citizenship