অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনৰ ৯৯ সংখ্যক মুম্বাই অধিৱেশন আৰম্ভ

অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনৰ ৯৯ সংখ্যক মুম্বাই অধিৱেশন আৰম্ভ

author-image
Asomiya Pratidin
New Update
অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনৰ ৯৯ সংখ্যক মুম্বাই অধিৱেশন আৰম্ভ

ডিজিটেল সংবাদ,তিনিচুকীয়া : মায়ানগৰী মুম্বাইৰ পেৰলত বুধবাৰৰে পৰা আৰম্ভ হৈছে ৰে'ল শ্রমিকসকলৰ একমাত্ৰ শক্তিশালী সংগঠন অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনৰ ৯৯ সংখ্যক বাৰ্ষিক অধিৱেশন । দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা তথা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত এই অধিৱেশনৰ প্ৰথম দিনটোতে নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ৰে'ল শ্রমিকসকলে পেৰলৰ আকাশ-বতাহ কঁপাই তোলে।

Advertisment

লগতে পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ সদনত প্ৰবল দাবী উত্থাপন কৰে ৰে'ল শ্ৰমিকসকলে।‌ তদুপৰি ভাৰতীয় ৰে'লত খালী হৈ থকা ৩,১২,০৩৯ টা পদ অনতিবিলম্বে পূৰণ কৰা, আকাংশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা,দেশৰ লাভজনক শিল্প আৰু সম্পদসমূহ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ লোৱা হঠকাৰী নীতিসমূহক খাৰিজ কৰি‌বলৈও ৰে'ল শ্রমিকসকলে সজোৰ দাবী উত্থাপিত কৰে বুলি শ্ৰমিকনেতা পুলক গগৈয়ে ।

নেতাজনে অধিৱেশনৰ বিস্তৃত তথ্য সদৰি কয় যে, ৰে'লশ্ৰমিকে চৰকাৰৰ লগত কোনো ধৰণৰ সংঘাটত আহিব বিচৰা নাই । ৰে'লশ্ৰমিকে কেৱল বিচাৰিছে পুৰণি পেঞ্চন । যদি পুৰণি পেঞ্চন পুনৰ বহাল নকৰে তেনেহলে 'ৰে'ল চকা জাম'ৰ দৰে জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচন ।

এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্বত থকা নেতাগৰাকীয়ে অধিৱেশনৰ বিৱৰণ দাঙি ধৰি কেতবোৰ মন্তব্য কৰে। তেওঁ কয় যে দেশৰ ৰে'ল শ্ৰমিকসকলৰ শক্তিশালী নেতা‌ তথা অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনৰ সাধাৰণ সম্পাদক শিৱ গোপাল মিশ্ৰই অধিৱেশনৰ প্ৰতিনিধি সভাত কেন্দ্ৰীয় চৰকাৰে ২০০৪ চনৰ পৰা নতুন পেঞ্চন নীতি প্ৰৱৰ্ত্তন কৰি যুৱ প্ৰজন্মৰ ৰে'ল শ্ৰমিকসকলৰ ভৱিষ্যতলৈ ঘোৰ অন্ধকাৰ নমাই আনিলে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে অচিৰেই নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন বাহাল নকৰিলে ইয়াৰ পৰিণাম ভোগ কৰিবলৈ সাজু হৈ থাকক বুলি সকিয়নি প্ৰদান কৰে । সেইদৰে অধিৱেশনৰ প্ৰতিনিধি সভাইও যি দলে পুৰণি পেঞ্চন বাহাল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব সেই দলেই ক্ষমতাত থাকিব বুলি হুংকাৰ দিয়ে ।

উল্লেখযোগ্য যে অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনৰ সভাপতি ড° এন কানহাইয়াই প্ৰতিনিধি সভাত সভাপতিত্ব কৰে। প্ৰতিনিধি সভাত দেশৰ ১৭ টা ৰে'ল সংমণ্ডলৰ প্ৰতিনিধিসকলৰ লগতে এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সভাপতি দিলীপ চক্ৰৱৰ্তী, সাধাৰণ সম্পাদক আশীস বিশ্বাস আৰু ক্ষেত্ৰীয় সম্পাদক পীয়ুষ চক্ৰৱৰ্তীকে ধৰি সমীৰ চক্ৰৱৰ্তী, সুহাছ দাস, চুছেন হাজৰিকা, মনোজ সিং, পৰিতোষ পাল,কল্পনা ৰাজকুমাৰ, নৰেশ্বৰ বৰ্মন, পুলক গগৈ, বৰ্ণজিৎ নাথ আদি ভালেসংখ্যক নেতাৰ বিশাল সমাবেশ ঘটে ।‌ ইফালে বৃহস্পতিবাৰে পুৱাৰ ভাগত শোভাযাত্ৰা আৰু বিয়লিলৈ মুকলি সভা অনুষ্ঠিত হ'ব বুলি ৰে'ল শ্রমিকনেতা গগৈয়ে উল্লেখ কৰে ।

Also Read: ধেমাজিৰ দুই যুৱকক কেৰেলাত হত্যা

railway mumbai All India Railway