
ডিজিটেল সংবাদ, বটদ্ৰৱা : কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত, অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ সহযোগত বৃহস্পতিবাৰে আধুনিক প্ৰযুক্তি সম্বলিত সজুলি 'কম্বাইন হাৰ্ভেষ্টাৰ'(Combine harvester)ৰ জড়িয়তে বৰো ধানৰ বৃহৎ শস্য চপোৱা অনুষ্ঠান অনুষ্ঠিত হয়। কৃষকক কম খৰছত, কম সময়ত, কৃষি শ্ৰমিকৰ অভাৱ দূৰ কৰি আধুনিক প্ৰযুক্তিসম্বলিত সজুলি 'কম্বাইন হাৰ্ভেষ্টাৰ' দ্বাৰা ধান চপোৱাৰ প্ৰদৰ্শনৰ বাবে অনুষ্ঠানটি অনুষ্ঠিত হয় নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত কাছমাৰী গাঁৱৰ পথাৰত।
কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণি ভাষণ প্ৰদান কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই "বৰ্তমান সময়ত কৃৃষি ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আহিছে। পুৰণিকলীয়া পৰম্পৰা কৃষি পদ্ধতি পৰিহাৰ কৰি বহু কৃষকে নতুন প্ৰযুক্তি আকোঁৱালি লৈছে। যাৰ পৰিপ্ৰেক্ষিতত উৎপাদন বৃদ্ধি হৈছে আৰু তেওঁলোকৰ আয় বৃদ্ধি পাইছে। এইটো সৰ্বজন ভিত্তিত হ'লে দেশ প্ৰগতিৰ বাটত বহু দূৰ আগুৱাই যাব। কাৰণ দেশৰ অৰ্থনীতিৰ চাৰি ভাগৰ এভাগ কৃষি আৰু আনুসাংগিক দিশৰ পৰা আহৰণ হয়।
বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ উৎপাদন ক্ষেত্ৰত ধানে দেশৰ খাদ্য আৰু অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। পূৰ্বতে প্ৰতিকূল বতৰ, প্ৰাকৃতিক দুৰ্যোগৰ আৰু শ্ৰমিকৰ খৰছৰ বাবে কৃষক সকল ক্ষতিগ্ৰস্ত হৈছিল, যাৰ পৰিপেক্ষিত কৃষি যান্ত্ৰিকিকৰণকৰ দ্বাৰা বৰ্তমান কম খৰছত, কম সময়ত প্ৰতিকূল পৰিস্থিতিৰ লগত যুজঁ দিবলৈ বহু নতুন উদ্ভাৱন হ'ল" বুলি ভাষন প্ৰদান কৰে।
অনুুষ্ঠানটি সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি নেচনেল বেংক ফৰ এগ্রিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট(নাবার্ড)ৰ উন্নয়ন প্ৰৱন্ধক ৰাজু পেৰ্নাই "দেশৰ অধিকাংশ লোকে জড়িত হৈ থকা কৃষি ক্ষেত্ৰত নাবার্ডে সদায় সহায় সহযোগ কৰি আহিছে, কৃষকৰ আয় বৃদ্ধিৰ বাবে নাবার্ড সদায় কৃষকৰ কাষত" বুলি মন্তব্য কৰে। অনুষ্ঠানটিত উপস্থিত থাকি আন এগৰাকী অতিথি তথা মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰাই "বৰ্তমান বতৰৰ পৰিৱতৰ্নৰ বাবে কৃষকে কৃষি পদ্ধতি সলনি কৰিব লাগিব। ভাৰতীয় কৃষি ব্যৱস্থাৰ বৰ্তমান উন্নতিৰ হৈছে। কৃষি ক্ষেত্ৰত দেশ আগবাঢ়িছে।" বুলি প্ৰকাশ কৰে।
লগতে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)এপাৰ্টৰ আৱাসিক পৰামৰ্শদাতা ড০ বীৰেন্দ্ৰ যাদৱে অসমৰ বান, খৰাং আদি প্ৰকৃতিক দুৰ্যোগৰ লগতে, কম খৰছ, শ্ৰমিকৰ নাটনিৰ লগত যুঁজ দি অধিক উৎপাদনৰ বাবে এপাৰ্টৰ বিভিন্ন উদ্ভাৱন সমূহৰ বিশ্লেষণ কৰে। অনুষ্ঠানটিত আন্তঃজাৰ্তিক ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ সূৰ্যকান্ত খাণ্ডাই, প্ৰকল্প সহযোগী প্ৰিয়ংকা ডেকা, গায়ত্ৰী গোস্বামী, কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি পংকজ বৰা, সামূহীক বিজ্ঞান বিশেষজ্ঞা আছফিকা ইছলাম, ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, পথাৰ শষ্য বিশেষজ্ঞা ডঃ বন্তি গগৈ, পাম পৰিচালক শংকুমনি শৰ্মা, কম্পিউটাৰ প্ৰগামাৰ বিষ্ণু নাৰায়ণ ফুকন, কৰ্মচাৰী ৰজনীশ সেনৰ লগতে বটদ্ৰৱাা, ৰহা, খাগৰিজান আৰু দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পাঁঁচ শতাধিক প্ৰগতিশীল কৃষক উপস্থিত থাকে।
"তোৰে মোৰে আলোকৰে যাত্ৰা" শীৰ্ষক সমবেত সংগীতৰে আৰম্ভণি কৰা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মাই। ইফালে সভাৰ শেষত কাছমাৰী গাঁৱৰ পথাৰত কৃষক ৰাইজৰ সন্মুখত 'কম্বাইন হাৰ্ভেষ্টাৰ' ব্যৱহাৰ কৰি বৰোধানৰ চপোৱা প্ৰদৰ্শন কাৰ্যসূচীও ৰূপায়ন কৰা হয়।