লিডুৰ অবৈধ কয়লাখনি পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ...

লিডুৰ অবৈধ কয়লাখনিত মৃত্যু নয়ন ফুকন, ঘটনাস্থলী পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামী। কয়লা ব্যৱসায়ীৰ PSO বাতিলৰ দাবী গোস্বামীৰ...

author-image
Asomiya Pratidin
New Update
লিডুৰ অবৈধ কয়লাখনি পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ...

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : লিডুৰ মোলোং পাহাৰত শনিবাৰে উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামী ৷ যোৱা বুধবাৰে লিডুৰ কয়লা খনিত সংঘটিত হৈছিল এক দুৰ্ভাগ্যজনক ঘটনা ৷ কয়লা সৰবৰাহ কৰিবলৈ গৈ অকাল মৃত্যুক আঁকোৱালী লৈছিল নয়ন ফুকন নামৰ এজন বিবাহিত ২৪ বছৰীয়া যুৱকে ৷

Advertisment

লিডু ইটাখোলাৰ নিবাসী ৰূপেশ্বৰ ফুকনৰ পুত্ৰ নয়ন ফুকনৰ মৃত্যুক অসম প্ৰদেশ কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামীয়ে সহজ ভাৱে লোৱা নাই ৷ ঘটনাৰ সঠিক তদন্ত বিচাৰি শনিবাৰে লিডুৰ মোলোং পাহাৰত ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামীৰ সৈতে মাৰ্ঘেৰিটা কংগ্ৰেছ দলৰ একাংশ বিষয়ববীয়া ৷ অসম বিধান সভাৰ অধ্যক্ষ গৰাকীক শীঘ্ৰেই লিডু মাৰ্ঘেৰিটাত চলি থকা কয়লাৰ অবৈধ বেহা সম্পৰ্কত অৱগত কৰাৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে গোস্বামীয়ে।

লগতে লিডু আৰু মাৰ্ঘেৰিটা আৰক্ষীৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা যায়৷ উল্লেখ লিডুৰ কুখ্যাত কয়লা চোৰ ক্ষীতিশ দেৱনাথৰ অধীনত কৰ্মৰত আছিল নয়ন ফুকন। প্ৰথম অৱস্থা পৰিয়ালৰ লোকে এজাহাৰ তথা সংবাদমাধ্যমক সন্মুখত কয়লা চোৰ ক্ষিতীশ দেৱনাথক সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া কৰিছিল। কিন্তু শনিবাৰে মৃত নয়নৰ পিতৃ-মাতৃক ভিতিগ্ৰস্থ কৰি এখন মিমাংসা পত্ৰত স্বাক্ষৰ কৰাই লিডু আৰক্ষী চকীত প্ৰদান কৰাৰ পৰিলক্ষিত হয়।

দুৰ্ভগীয়া, ৰুগীয়া তথা দুখীয়া পিতৃ-মাতৃক সহজেই ভয় ভাবুকিৰে এজাহাৰ উঠাই ল'বলৈ বাধ্য কৰাই কয়লা চোৰ ক্ষীতিশ দেৱনাথ বাহিনীয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এইক্ষেত্ৰত লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ ভূমিকাও সন্দেহজনক বুলি চৰ্চা চলিছে। সমগ্ৰ ঘটনা আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ হস্তক্ষেপৰ দাবী জনাইছে ছাত্ৰ মুক্তি কেন্দ্ৰীয় কাৰ্যকৰি সভাপতি পাপু দত্তই।

নয়ন ফুকন
নয়ন ফুকন

যিহেতু ইয়াৰ পূৰ্বে অনুৰূপ মৃত্যুত প্ৰাঞ্জল মৰাণ ঘটনা আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং হস্তক্ষেপৰ পাছতেই মৃতদেহ লিডু টিৰাপ অবৈধ কয়লা খনিৰ পৰা বাহিৰ কৰিছিল তিনিচুকীয়া জিলা আৰক্ষীয়ে। অন্যহাতে শনিবাৰে উপস্থিত হোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰি সভাপতি ৰানা গোস্বামীয়ে সংবাদমাধ্যম জৰিয়তে ক্ষোভ প্ৰকাশ কৰি কয় যে, লিডু মাৰ্ঘেৰিটাৰ একাংশ কয়লা ব্যৱসায়ীক চৰকাৰে প্ৰদান কৰা দেহৰক্ষী (PSO) বাতিল কৰক। তদুপৰি লিডু ইটাখোলাত নয়নৰ বাসগৃহত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোৰ পৰিস্থিতিৰ বুজ লোৱাৰ কথা আছিল যদিও ক্ষীতিশ বাহিনীয়ে কৌশলেৰে নয়নৰ পিতৃ-মাতৃক লোকচক্ষুৰ পৰাই আঁতৰাই ৰাখা বিষয়টোৱে সচেতন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Also Read: প্ৰসংগ-জোনমণি ৰাভা: ন্যায়িক তদন্তৰ দাবীত ৰাজ্যপালক স্মাৰক ১২ বিৰোধী ৰাজনৈতিক দলৰ...

Assam Pradesh Congress Commitee Assam police