প্ৰসংগ-জোনমণি ৰাভা: ন্যায়িক তদন্তৰ দাবীত ৰাজ্যপালক স্মাৰক ১২ বিৰোধী ৰাজনৈতিক দলৰ...

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাই ১২ টা বিৰোধী ৰাজনৈতিক দলৰ স্মাৰক পত্ৰ প্ৰদান

author-image
Asomiya Pratidin
New Update
প্ৰসংগ-জোনমণি ৰাভা: ন্যায়িক তদন্তৰ দাবীত ৰাজ্যপালক স্মাৰক ১২ বিৰোধী ৰাজনৈতিক দলৰ...

ডিজিটেল ডেস্ক : আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাই ১২ টা বিৰোধী ৰাজনৈতিক দলৰ তৰফৰ পৰা অসমৰ মাননীয় ৰাজ্যপাল গুলাপচান্দ কাটাৰিয়াক শনিবাৰে স্মাৰক পত্ৰ প্ৰদান কৰা হয়। স্মাৰক পত্ৰত ৰাজ্যৰ শেহতীয়া আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভতো ৰাজ্যপালক অভিযোগ দিয়া হয়। উক্ত স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত আম আদমি পাৰ্টীৰ হৈ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী উপস্থিত থাকে।

Advertisment

উল্লেখ্য যে, নগাঁৱৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই জখলাবন্ধাত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল। এই দুৰ্ঘটনাৰ পাছতেই তেওঁৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ। এই দুৰ্ঘটনা দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড বুলি বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হোৱাৰ পিছতেই ৰহস্য আৱৰ্তত আছে সমগ্ৰ ঘটনা।

Also Read: "প্ৰিয়া কুমাৰীৰ দুৰ্ঘটনাত মৃত্যুৰ বাবে দায়ী মন্ত্ৰী-চৰকাৰী বিভাগ"- অসম জাতীয় পৰিষদ...

GOVT OF ASSAM