কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামত ভুৱা ৰচিড বনাই ধন সংগ্ৰহ যুৱকৰ...

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামত ভুৱা ৰচিড বনাই ধন সংগ্ৰহ যুৱকৰ...

author-image
Asomiya Pratidin
New Update
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামত ভুৱা ৰচিড বনাই ধন সংগ্ৰহ যুৱকৰ...

ডিজিটেল সংবাদ,তিনিচুকীয়াঃ চাবুৱাত ভুৱা ৰচিড বনাই একাংশই ধন সংগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামত জিলাখনৰ চাবুৱাত ভুৱা ৰচিড চনাই ধন সংগ্ৰহ কৰিছে কেইজনমান যুৱকে।

Advertisment

ইফালে, বহু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে। চি চি টি ভি কেমেৰাত পোহৰলৈ আহিছে সংগঠনৰ লগত জড়িত নথকা এজন যুৱকে ধন সংগ্ৰহ কৰাৰ দৃশ্য।

উল্লেখ্য যে, সংগঠনৰ নামত ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহক পইচা বিচাৰি এইদৰে বিৰক্তি কৰাটো কিমান যুক্তিকৰ বুলি ঘটনা সন্দৰ্ভত একাংশই প্ৰশ্ন কৰিছে। লগতে শীঘ্ৰে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে।

Also Read: ৫ মাহ নহওঁতেই পুনৰ পুখুৰীত পৰিণত হাটশিঙিমাৰী-মানকাচৰ সংযোগী পথ...

Krishak Mukti Sangram Samiti