৫ মাহ নহওঁতেই পুনৰ পুখুৰীত পৰিণত হাটশিঙিমাৰী-মানকাচৰ সংযোগী পথ...

পুনৰ বিধ্বস্ত হৈ দ-খালত পৰিণত হৈছে হাটশিঙিমাৰী-মানকাচৰ সংযোগী এইচ-এম প।৩ কোটি টকাৰ মেৰামতিৰ নামত ঠিকাদাৰৰ চৰম দুৰ্নীতি।মেৰামতিৰ ৫ মাহ নহওঁতেই পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিছে পথছোৱা...
৫ মাহ নহওঁতেই পুনৰ পুখুৰীত পৰিণত হাটশিঙিমাৰী-মানকাচৰ সংযোগী পথ...
Published on
Updated on

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ কৈ থাকিলেও শেষ নহ’ব মানকাচৰৰ বিভিন্ন বিভাগত হৈ থকা ভয়াৱহ দুৰ্নীতিৰ কথা। কেতিয়াবা যদি জিলাখনত সংঘটিত হৈছে কোটি কোটি টকাৰ আটা কেলেংকাৰী,কেতিয়াবা আকৌ ছোলাৰ, ভূমি কেলেংকাৰীৰে সংবাদ শিৰোনামা দখল কৰি আহিছে জিলাখনে। শেহতীয়াকৈ জিলাখনৰ লাইফলাইন সদৃশ হাটশিঙিমাৰী-মানকাচৰ সংযোগী একমাত্ৰ মূল পথটোৰ অতিকৈ দুখ লগা ভয়াৱহ ছবিয়ে লোক নিৰ্মাণ বিভাগত হোৱা দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিছে।

বিগত প্ৰায় ৩-৪ বছৰে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ দ-খালত পৰিণত হোৱা হাটশিঙিমাৰী-মানকাচৰ সংযোগী এইচ-এম পথটো পুনৰ নিৰ্মাণৰ বাবে আছু, আমছু, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দল আৰু অৰাজনৈতিক সংগঠনে ৰাইজৰ সহযোগত বিভিন্ন প্ৰকাৰে উত্তাল প্ৰতিবাদ কৰি চৰকাৰক দাবী জনাই আছিল। যোৱা বছৰ তদানীন্তন ৰাজ্যপালৰ মানকাচৰ ভ্ৰমণৰ সময়ত ৰাইজৰ লগতে প্ৰায় প্ৰতিটো দল-সংগঠনে পথটো পুনৰ নিৰ্মাণৰ বাবে লিখিত দাবী জনাইছিল।

অৱশেষত ৰাজ্যপালৰ নিৰ্দেশত লোক নিৰ্মাণ বিভাগৰ পৰা তৎকালীন ভাৱে পথটো মেৰামতিৰ বাবে প্ৰায় ৩ কোটি টকা আৱণ্টন দিয়া হয়। বিভাগীয় ঠিকাদাৰ নজৰুল হক ওৰফে নুৰ ইছলামে পথটো মেৰামতিৰ বাবে কামৰ দায়িত্ব লাভ কৰে। কিন্তু দুৰ্ভাগ্যজনক বিষয় এয়ে যে, বিভাগীয় ঠিকাদাৰ জনে পথটোৰ মেৰামতিৰ কাম একেবাৰে নিম্নমানৰ কৰাত মেৰামতিৰ ৩ মাহ সম্পূৰ্ণ নহওতেই পথটোৰ ঠায়ে ঠায়ে চপৰা-চপৰে উঠি যাবলৈ আৰম্ভ হয়।

প্ৰায় ৫মাহ পূৰ্বে জিলা আয়ুক্তৰ বাসভৱনৰ কাষতে থকা হাটশিঙিমাৰীৰ তিনি আলী বটেৰ তলৰ পৰা মেৰামতিৰ কাম আৰম্ভ কৰা হৈছিল। জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমুখেৰে যোৱা একমাত্ৰ এই এইচ-এম পথটোৰ ফেকামাৰীস্থিত জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ কাৰ্যালয়লৈ কামটো কিছু ভালদৰে কৰা হয় যদিও ফেকামাৰীৰ পৰা মানকাচৰলৈ প্ৰায় ২২ কিলোমিটাৰ এলেকাত নামমাত্ৰ মেৰামতি কৰে।

এই পৰ্যন্ত ঝাউডাঙা বজাৰৰ পৰা কুচনিমাৰা, জোৰডাঙা হৈ মানকাচৰ সংযোগী পথটো মেৰামতি কৰা হোৱা নাই। সেই এলেকাত কেৱল পথৰ ওপৰত কেইগুটিমান শিল পেলাই ৰোলাৰেৰে ডলি ওপৰত মাটি দি মেৰামতি কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ নজৰুল হকৰ বিৰুদ্ধে। বিভাগীয় বিষয়া-কৰ্মচাৰী পথটো চোৱা-চিতাৰ বাবে দায়িত্বত আছে ঠিকেই কিন্তু সম্পূৰ্ণ মেনেজ হৈ পথটো মেৰামতিৰ নামত ভয়াৱহ দুৰ্নীতি সংঘটিত কৰা বুলি বিভিন্ন মহলে অভিযোগ আনিছে।

ইফালে স্বয়ং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখেদি যোৱা পথটোৰ প্ৰায় ৫০ শতাংশ পথ ইতিমধ্যে চপৰা-চপৰে উঠি যোৱাৰ ফলত পথটো পুনৰ দ-খালত পৰিণত হবলৈ ধৰিছে। এই পথেৰে সপ্তাহত ৬ দিন জিলা আয়ুক্তগৰাকীয়ে নিজে কাৰ্যালয়লৈ অহা-যোৱা কৰে ঠিকেই কিন্তু ৰহস্যজনকভৱে পথটো যেন আয়ুক্ত গৰাকীৰ চকুত নপৰা হৈছে।

জিলাখনৰ একমাত্ৰ লাইফ লাইন সদৃশ এই বিধ্বস্ত পথটোৰে প্ৰতিদিনে হেজাৰ হেজাৰ লোক জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়কে ধৰি জিলাৰ সদৰত থকা প্ৰতিটো বিভাগৰ কাৰ্যালয় তথা হাট-বজাৰলৈ অহা-যোৱা কৰে। কিন্তু নাই, পথটোৰ প্ৰতি জিলা প্ৰশাসনৰ একেবাৰে যেন দায়িত্ব নোহোৱা হৈছে। এই পথটো পুনৰ নতুনকৈ নিৰ্মাণ কৰা হব বুলি মানকাচৰৰ বিধায়ক আমিনুল ইছলাম প্ৰায় দুবছৰৰ পৰা ৰাইজক আভুৱা ভৰি আছে।

নিজৰ ফেচবুক পেজৰ জৰিয়তে ৰাজ্য চৰকাৰৰ পৰা পথটো পুনৰ নিৰ্মাণৰ কাম আগুৱাই যোৱা বুলি ৰাইজক চতুৰ বিধায়ক জনে প্ৰলোভন দি আহিছে। শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ সময়ত বিধায়কগৰাকীৰ চতুৰালী ৰাইজে ধৰা পেলাই ৩বাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলক মানকাচৰ সমষ্টিৰ পৰা একেবাৰে নগন্য সংখ্যক ভোট প্ৰদান কৰিলে। যত আজমলে পূৰ্বৰ ৩টা লোকসভা নিৰ্বাচনত মানকাচৰ সমষ্টিৰ পৰা সৰ্বাধিক ভোট লাভ কৰি আহিছিল। পথটো পুনৰ নিৰ্মাণক লৈ বিধায়ক গৰাকী বাৰে বাৰে মিছা আশ্বাস দিয়াত বিধায়ক গৰাকীৰ প্ৰতি ৰাইজ অসন্তুষ্ট হৈ পৰিছে।

হাটশিঙিমাৰী-মানকাচৰ সংযোগী এই এইচ-এম পথটো আচলতে পুনৰ নিৰ্মাণ হব কেতিয়া তাৰ উত্তৰ জিলাখনৰ কাৰোৰে হাতত নাই। পিছে মেৰামতিৰ নামত অহা ধনখিনিৰ সিংহভাগ ধন যদি ঠিকাদাৰ আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে গোপন বুজাবুজি কৰি আত্মসাত কৰে বাকী থকা ধনেৰে মেৰামতিৰ কাম কিমান হব সেয়া কিন্তু ৰাইজে স্পষ্ট ভাৱে বুজি পাইছে।

৫ মাহ নহওঁতেই পুনৰ পুখুৰীত পৰিণত হাটশিঙিমাৰী-মানকাচৰ সংযোগী পথ...
মোৰ স্বামী দুজন! এজনে সন্তান দিছে, মুখ্যমন্ত্ৰীয়ে হৃদয় জিনিছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in