তাম্ৰেশ্বৰী আইথান আৰু মা-মালিনী থানত ভক্তৰ ভিৰ

তাম্ৰেশ্বৰী আইথান আৰু মা-মালিনী থানত ভক্তৰ ভিৰ

author-image
Asomiya Pratidin
New Update
তাম্ৰেশ্বৰী আইথান আৰু মা-মালিনী থানত ভক্তৰ ভিৰ

ডিজিটেল সংবাদ,চিলাপথাৰ : শাৰদীয় দুৰ্গা পূজাৰ সময়ত চিলাপথাৰৰ দুই বুৰঞ্জী প্ৰসিদ্ধ থান জনসমুদ্ৰত পৰিণত হৈছে। মহানৱমীৰ দিনা দেৱীমাৰ চৰণত হাজাৰ হাজাৰ ম'হ-ছাগলী আদি বলিৰ বাবে উচৰ্গা কৰা হৈছে।

Advertisment

আজি মহাষ্টমী দিনটোৰ পুৱাৰ পৰাই চিলাপথাৰৰ দুই ঐতিহাসিক থানত দেখা গ'ল জনসমুদ্ৰ। চিলাসুতি তাম্ৰেশ্বৰী আইথান আৰু ২ নং চিলাগাঁও মা-মালিনী থানত ভক্তৰে বিৰ দি বাট নোপোৱা অৱস্থা সৃষ্টি হ'ল।

দেৱীৰ তুষ্টিৰ বাবে নৈবেদ্য আগবঢ়াবলৈ ব্যাপক হেতা-ওপৰা লগালে ভক্তপ্ৰাণ ৰাইজে। দুয়োখন থানতে শনিবাৰে মহাষ্টমী দিনটোৰ পুৱাৰ পৰাই আৰম্ভ হ'ল পূৰ্বাপৰ পৰম্পৰা অক্ষুন্ন ৰাখি বলি বিধান পৰ্ব। মহানৱমীৰ দিনা তাম্ৰেশ্বৰী আই থানত ৰাইজৰ কুশল মঙ্গল কামনা কৰি এটা ম'হ বলি দিয়া হ'ব।

Also Read: জামুগুৰিহাটৰ ঠাকুৰবাৰীত ৰঙ্গমঞ্চৰ শুভ উদ্ধোধন

durga puja silapathar