
ডিজিটেল সংবাদ,তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰিবাসীক শোক সাগৰত পেলাই মঙলবাৰে পুৱা অকাল মৃত্যুক আকোঁৱালী ল'লে 'কলীয়া' নামৰ হলৌ বান্দৰটোৱে। মৃত্যুৰ সময়ত কলীয়াৰ বয়স হৈছিল প্ৰায় ৪৮-৫০ বছৰ।
পৰ্যটন ক্ষেত্ৰ তথা ২২টা হলৌ বান্দৰৰ বিচৰণ ভূমি বাৰেকুৰিত প্রায়ে ভিৰ কৰেহি দেশ-বিদেশৰ পৰ্যটকে। আটাইকেইটা হলৌ বান্দৰৰ মাজত পৰ্যটকৰ অতি মৰমৰ আছিল কলীয়া নাম হলৌটো।
স্মৰ্তব্য যে বৃহত্তৰ বাৰেকুৰিৰ ২১খন গাঁৱত ৫টা পৰিয়ালত বিভক্ত হৈ মুঠ ২২ টা হলৌৱে বিচৰণ কৰি গাঁওবাসীৰে সহাৱস্থান কৰি আছে । ইয়াৰে দীঘলসাঁকো গাঁৱত থকা ৪জনীয়া পৰিয়ালটোৰ মুৰব্বী 'কলীয়া'ৰ আকস্মিক মৃত্যুত বাৰেকুৰি হলৌ উদ্যানৰ হলৌৰ সংখ্যা ২১টালৈ হ্ৰাস পালে ।
গাঁওবাসীয়ে জনোৱা মতে সুদীৰ্ঘদিন ধৰি অচিন ৰোগত আক্ৰান্ত হৈ থকা কলীয়াক আজি পুৱা এজোপা গছত মৃত অৱস্থাত ৰাইজে উদ্ধাৰ কৰে । পাছলৈ যথাৰীতিৰে কলীয়াৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।
ইফালে অচিন ৰোগত আক্ৰান্ত কলীয়াক সুস্থ কৰি তুলিবলৈ স্থানীয় বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিয়ে যথাসম্ভৱ চেষ্টা চলাইছিল। ইয়াৰোপৰি সমিতিয়ে ৰাজ্য চৰকাৰৰ লগতে বন্যপ্ৰাণী বিভাগক খাটনি ধৰিছিল যদিও আশা কৰা ধৰণে তেওঁলোকৰ পৰা সঁহাৰি নাপালে বুলি অভিযোগ উঠিছে ।
বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ সভাপতি দিপ্লৱ চুতীয়াই যথাসময়ত কলীয়াই পৰ্যাপ্ত চিকিৎসা লাভ নকৰা বাবেই অকালতে প্ৰাণ হেৰুৱাবলগা হ'ল বুলি আক্ষেপ প্ৰকাশ কৰে । তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে বিভিন্ন উৎসৱ-পাৰ্বনৰ আয়োজন কৰি ৰাজকোষ উদং কৰিছে । ঢাক-ঢোল বজাই অলপতে গছপুলি ৰোপন কৰে । পিচে বন্যপ্ৰাণী নাথাকিলে বৃক্ষৰোপনৰ অৰ্থ ক'ত বুলি তেওঁ চৰকাৰক সমালোচনা কৰে ।
আনফালে বিদ্যুৎ বিভাগৰ আওকণীয়া মনোভাৱৰ বাবেও বাৰেকুৰি হলৌ উদ্যানলৈ ভাবুকি নামি আহিছে বুলিও তেওঁ ক্ষোভ ব্যক্ত কৰে । গাঁওবাসীৰ সৈতে সহাৱস্থান কৰি অহা হলৌৰ মুক্ত বিচৰণৰ বিৰল দৃশ্য প্ৰত্যক্ষ কৰিবলৈ প্ৰতিবছৰে বাৰেকুৰিলৈ আগমন ঘটে দেশী-বিদেশী অগণন পৰ্যটকৰ । গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত এক সম্ভৱনাময় ক্ষেত্ৰ হিচাপে বাৰেকুৰি হলৌ উদ্যানে কঁকালত টঙালি মাৰিলেও উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰে প্ৰতিনিয়ত উদ্যানখনি তথা ইয়াৰ হলৌৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ।
ইতিপূৰ্বে উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি কেইবাটাও হলৌৱে অকালতে প্ৰাণ হেৰুৱাইছে । এনে পৰিৱেশ-পৰিস্থিতিৰ মাজতে পুনৰ উদ্যানখনৰ এটা পূৰ্ণবয়স্ক হলৌ অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বাতৰিয়ে বাৰেকুৰিবাসীক মৰ্মাহত কৰিছে বুলি পৰিৱেশ কৰ্মীজনে উল্লেখ কৰে । লগতে কলীয়াৰ অকাল মৃত্যুত সচেতন লোকে গভীৰ শোক প্ৰকাশ কৰে।