/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/853785b2-7699-4eac-a215-545d3b537caa/257.jpg)
ডিজিটেল সংবাদ,তিনিচুকীয়া : ১৯৯৭ চনত প্ৰতিষ্ঠা লাভ কৰা তথা ৰূপালী জয়ন্তী বৰ্ষ গৰকা বৃহত্তৰ মাকুম অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মাকুম মহাবিদ্যালয়ত ভয়ংকৰ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । মহাবিদ্যালয়খনৰ প্ৰায় ২৩ লক্ষাধিক টকা পৰিচালনা সমিতিয়ে আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈছে ।
প্ৰণিধানযোগ্য যে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলেও আজিলৈকে মাকুম মহাবিদ্যালয়ে প্ৰাদেশিকীকৰণৰ মুখ দেখা নাই । এনে প্ৰেক্ষাপটত মহাবিদ্যালয়খনৰ উন্নয়নৰ দিশটো চোৱা-চিতা কৰিবলৈ ইতিমধ্যে এক ৰাজহুৱা উন্নয়ন সমিতিও গঠন কৰা হৈছে ।
ইতিমধ্যে এই সমিতিখনে মহাবিদ্যালয়খনৰ বিত্তীয় সংকটৰ জোৰা-টাপলি মাৰিবলৈ অইল ইণ্ডিয়া লিমিটেডক আৰ্থিক সাহাৰ্য বিচাৰি স্মাৰক-পত্ৰ প্ৰদান কৰিছে। লগতে অইল বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।
পিছে ইয়াৰ মাজতে মহাবিদ্যালয়খনৰ প্ৰায় ২৩ লক্ষাধিক টকা আত্মসাৎ হোৱা বুলি উত্থাপিত এক অভিযোগে মহাবিদ্যালয়খনৰ ভিতৰে-বাহিৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰামতে যোৱা ২ অক্টোবৰত মহাবিদ্যালয় পৰিচালনা সমিতিয়ে সুদীৰ্ঘ ১০ বছৰৰ পাছত নতুন সমিতি গঠনৰ উদ্দেশ্যে এক সাধাৰণ সভা আহ্বান কৰিছিল।
সভাখনত পৰিচালনা সমিতিয়ে দাখিল কৰা বিত্তীয় প্ৰতিবেদনক লৈ হিচাপ-নিকাচৰ বিসংগতি পোহৰলৈ অনাত এক হুলস্থুলীয়া তথা অপ্ৰীতিকৰ পৰিৱেশৰ উদ্ভৱ হয় । যাৰ ফলত সভাই নতুন সমিতি গঠনৰ পৰিৱৰ্তে তদন্ত সমিতিহে গঠন কৰিবলৈ বাধ্য হয় ।
উল্লেখ্য যে পৰিচালনা সমিতিৰ সভাপতি গিৰিন্দ্ৰনাথ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্য ব্যাখ্যা আগবঢ়াইছিল পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক মহেশ মৰাণে। আদৰণি ভাষণ আগবঢ়াইছিল মাকুম কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ জয়কান্ত গন্ধীয়াই ।
মহাবিদ্যালয়খনৰ বিপৰীতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই মনোনীত সদস্য ক্ৰমে ৰঞ্জন কলিতা আৰু সঞ্চিতা চেতিয়াৰ উপস্থিতিত ৪ বছৰৰ বাবে এখন পৰিচালনা সমিতি গঠন কৰা হৈছিল। ৪ বছৰীয়া ম্যাদৰ পৰিচালনা সমিতিখনে নতুন সমিতিক দায়িত্ব অৰ্পণ নকৰি ১০ বছৰ পৰ্যন্ত কাৰ্যভাৰ চলাই অহা বুলি সভাত বিভিন্নজনে অভিযোগ তোলে ।
ইয়াৰ মাজতে পৰিচালনা সমিতিৰ সম্পাদক বিজন ভট্টাৰ্চাযই পৰিচালনা সমিতিৰ তথা মহাবিদ্যালয়ৰ বিত্তীয় প্ৰতিবেদন পাঠ কৰোতেই বিগত ২০১৯ চনৰ পৰা মহাবিদ্যালয়খনত সংঘটিত বিত্তীয় কেলেংকাৰীৰ তথ্য উন্মোচিত হয় । বিত্তীয় প্ৰতিবেদনত ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰায় ২৪ লাখ টকা ৰহস্যজনকভাৱে অন্তৰ্ধানৰ ঘটনা পোহৰলৈ আহে।
অভিযোগ অনুসৰি পৰিচালনা সমিতিয়ে অনলাইনযোগে ছাত্ৰ-ছাত্ৰীৰ পৰা সংগৃহীত মাচুলসমূহ নৰ্থ-ইষ্ট ৱেব চলিউচন নামৰ এক প্ৰতিষ্ঠানৰ যোগেদি ধন সংগ্ৰহ কৰিছিল । প্ৰতিষ্ঠানটোৱে উক্ত ধনৰাশি পৰিচালনা সমিতিক দিয়া নাই বুলি সমিতিয়ে এক ভিত্তিহীন উত্তৰ দিয়াত সভাত উপস্থিত থকা লোকসকল জাঙুৰ খাই উঠে ।
পৰিচালনা সমিতিয়ে নীতি-বৰ্হিভূতভাৱে এটি ৱেব প'ৰ্টেলৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ মাচুল সংগ্ৰহ কিয় কৰিছিল বুলি উপস্থিত ৰাইজে পৰিচালনা সমিতিক উভতি ধৰে। ৰাইজৰ এই প্ৰশ্নৰ উত্তৰ দিয়াত অসমৰ্থ হয় পৰিচালনা সমিতি ।
সমিতিয়ে ২৩ লক্ষাধিক টকা অন্তৰ্ধান হোৱা বিষয়টোৰ সন্দৰ্ভত আৰক্ষীক গোচৰ দিয়া বুলি জানিবলৈ দি দায় সাৰিবলৈ চেষ্টা চলায় । আনহাতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° মালবিকা ভূঞা ফুকনে ৰূপালী জয়ন্তী বৰ্ষৰ বিত্তীয় প্ৰতিবেদন পাঠ কৰাৰ পাছত মহাবিদ্যালয়ত সংঘটিত বিত্তীয় খেলিমেলিত তেওঁ কোনোপধ্যেই জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে ।
ইফালে মহাবিদ্যালয়খনত সংঘটিত এই ভয়ংকৰ বিত্তীয় অনিয়মৰ কথাটো পোহৰলৈ অহাত নতুন পৰিচালনা সমিতি গঠন কৰাত ৰাইজে বাধা প্ৰদান কৰি এখন ৭জনীয়া তদন্ত কমিতি গঠন কৰে। লগতে এমাহৰ ভিতৰত সমিতিখনে প্ৰতিবেদন দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ইফালে চৰকাৰীকৰণ হোৱাৰ দিশে গতি কৰা মাকুম মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে ধন আত্মসাৎৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হোৱাক কেন্দ্ৰ কৰি জিলাখনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
Also Read: ড্ৰোণ চলোৱাৰ ক্ষেত্ৰত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ নিৰ্দেশনা