সুৰাপান কৰি অত্যাচাৰ চলোৱা পুত্ৰক হত্যা পিতৃৰ

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে তিনিচুকীয়াৰ ধলা হাঁহখাটীত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত ড্ৰাগছসহ আটক এজন

ডিজিটেল ডেস্ক: ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে তিনিচুকীয়াৰ ধলা হাঁহখাটীত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।

Advertisment

হাঁহখাটীৰ পোৱালিপথাৰ গাঁৱত এই হত্যাকাণ্ড সংঘটিত হয়। পিতৃৰ প্রহাৰত প্রাণ গ’ল পুত্রৰ। অভিযোগ অনুসৰি সুৰাপান কৰি পিতৃক অত্যাচাৰ কৰিছিল অনন্ত আৰন্ধৰাই। তাৰ পাছতেই পিতৃৰ প্রহাৰত প্রাণ গ’ল অনন্ত আৰন্ধৰাৰ।

ঘটনা সংঘটিত কৰিয়েই ধলা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে পিতৃ দিলীপ আৰন্ধৰাই। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰু পঢ়ক: প্ৰকাশ হ'ব মঙল গ্ৰহৰ ৰহস্য, উভতি আহিব পাৰ্চিভেৰেঞ্চ

Assam police crime