/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/226d8da3-8429-4a23-b8b2-ad59e75cce07/DIGBOI_15.jpg)
ডিগবৈৰ বগাপানীত উচ্ছেদঃ স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ মাজৰ সংঘাতে ল'লে ভয়ংকৰ পৰিস্থিতি...
ডিজিটেল ডেস্কঃ ডিগবৈৰ বগাপানীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। ৰে'ল বিভাগৰ উচ্ছেদ অভিযানক লৈ সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ। উল্লেখ্য যে আজি ডিগবৈৰ বগাপানীত ৰে'ল বিভাগে উচ্ছেদ চলাবলৈ পুৱাই আৰক্ষী, চি আৰ পি এফৰ দল লগত লৈ ৰে'ল বিভাগৰ উচ্চ পদস্থ বিষয়াগৈ উপস্থিত হয়গৈ।
কিন্তু এই উচ্ছেদৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। উচ্ছেদ অভিযানৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা স্থানীয় ৰাইজে আৰক্ষী আৰু চি আৰ পি এফৰ লগত প্ৰথমে হাতহতি আৰু তাৰ পিছত শিলগুটি নিক্ষেপ কৰে।
পৰস্থিতি উত্তপ্ত হৈ পৰাৰ পিছতে আৰক্ষী আৰু চি আৰ পি এফে লাঠীচালনা কৰে। ফলত কেইবাজনো লোক আহত হয়। ৰাজপথতে বাগৰি পৰে কেইবাজনো পুৰুষ, মহিলা।
মন কৰিবলগীয়া যে, পূৰ্বেই এই উচ্ছেদৰ বাবে জাননী জাৰি কৰিছিল যদিও স্থানীয় ৰাইজে মেজিষ্ট্ৰেটৰ জৰিয়তে উচ্ছেদ অভিযান কিছুদিন পিছুৱাই দিয়াৰ বাবে আন এক নিৰ্দেশনা উলিয়াই আনিছিল। স্থানীয় ৰাইজে আৰু কিছুদিনৰ সময় বিচাৰিছিল যদিও প্ৰশাসনে সেই সুযোগ নিদিলে।
আজি পুৱা উচ্ছেদ কৰিবলৈ অহা প্ৰশাসনৰ লোকসকলক স্থানীয় ৰাইজে সেই নিৰ্দেশনা দেখুৱাই যদিও প্ৰশাসনৰ লোকসকলে তালৈ আওকান কৰি প্ৰথমে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ ভাঙিবলৈ আৰম্ভ কৰে। যাৰ বাবে এইদৰে উত্তপ্ত পৰিস্থিতিৰ সূচনা হয়।
পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে উচ্ছেদস্থলীত আৰু অধিক আৰক্ষী, চি আৰ পি এফ জোৱান মোতায়েন কৰিবলৈ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।
Also Read: লিভ-ইনত থকা প্ৰেমিকাক হত্যা কৰি মৃতদেহ ৰাখিলে ফ্ৰীজতঃ বহিল অন্য যুৱতীৰে বিয়াত...