তিনিচুকীয়াত আৰক্ষীৰ এনকাউণ্টাৰ...

তিনিচুকীয়াত আৰক্ষীৰ এনকাউণ্টাৰ...

ডিজিটেল ডেস্কঃ তিনিচুকীয়াত এটা চোৰক আৰক্ষীৰ এনকাউণ্টাৰ। গুলীবিদ্ধ হোৱা চোৰটোৰ নাম মুন্না শ্বাহ । বাওঁ ভৰিত গুলী লাগি আহত মুন্না শ্বাহ। তিনিচুকীয়া আৰু মাকুম চহৰত দীৰ্ঘদিনৰ পৰা চুৰিকাৰ্য সংঘটিত কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ চোৰটোৰ বিৰুদ্ধে ।

বুধবাৰে মাকুমত চহৰত ৪খনকৈ দোকানত লুটপাত চলাইছিল এই গভাইত চোৰটোৱে। মুন্না শ্বাহে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ সময়তেই আৰক্ষীয়ে গুলীচালনা কৰে। গুলীবিদ্ধ মুন্না শ্বাহক চিকিৎসাৰ বাবে অসম মেডিকেল কলেজ হাস্পতৈললৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তিনিচুকীয়াত আৰক্ষীৰ এনকাউণ্টাৰ...
গোৱালপাৰাত অচিন ৰোগত মৃত্যু ১৪জনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in