গোৱালপাৰাত অচিন ৰোগত মৃত্যু ১৪জনৰ

গোৱালপাৰাত অচিন ৰোগত মৃত্যু ১৪জনৰ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰাৰ দ্বাৰকা গাঁও পঞ্চায়তৰ কেইবাখন গাওঁত অতংকময় পৰিৱেশ। অচিন ৰোগত আক্ৰান্ত হৈছে বহু লোক। জণ্ডিছ সদৃশ বেমাৰত আক্ৰান্ত হৈছে বহুকেইখন গাৱঁৰ লোক। ১ নং বৰঝৰা-নদীয়াপাৰা, বামুনডাঙা, ডোৱা পাৰা, মজাইপাৰা, টিলাপাৰা আৰু ছোটদামাল গাওঁত ডিচেম্বৰ মাহৰ পৰা এই অচিন ৰোগত আক্ৰান্ত হৈ এতিয়ালৈ ১৪ জন লোকৰ মৃত্যু হৈছে।

এনে উদ্বেগজনক খবৰে সচকিত কৰিছে স্বাস্থ্য বিভাগক। অঞ্চলটোৰ জনসাধাৰণে ব্যৱহাৰ কৰা পানীৰ বাবে এই অচিন ৰোগৰ পাৰ্দোভাৱ হোৱাৰ আশংকা স্বাস্থ্য বিভাগৰ। ইতিমধ্যে অঞ্চলটোত স্বাস্থ্য বিভাগ উপস্থিত হৈ পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লগতে ৰইজক প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়ে। শেহতীয়াকৈ এই ৰোগত আক্ৰান্ত হোৱা ৬ জন লোকক চিকিৎসালয়তভৰ্তি কৰোৱা হৈছে ।

গোৱালপাৰাত অচিন ৰোগত মৃত্যু ১৪জনৰ
২৫ বছৰে বসবাস কৰা পৰিয়ালক ভূমি এৰিবলৈ নিৰ্দেশ বন বিভাগৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in