বৰডুমচাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী...

বৰডুমচাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী...
বৰডুমচাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী...

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। বৰডুমচা আৰক্ষীৰ থানাৰ অন্তৰ্গত ২নং তালপথাৰৰ পৰা আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৌচুম বৰুৱাৰ পত্নী ভাৰতী বৰুৱা।

আৰক্ষী অভিযান বিষয়ে সম্ভেদ পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৌচুম বৰুৱা। ধৃত ভাৰতী বৰুৱাৰ জিম্মাৰ পৰা অভিযানকাৰী আৰক্ষীয়ে ২০ পেকেটত প্ৰায় ২০০ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয়।

কুখ্যাত ড্ৰাগছ মাফিয়া মৌচুম বৰুৱা আৰু তেওঁ পত্নী ভাৰতী বৰুৱাই দীৰ্ঘদিনে অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা চলাই আহিছিল। মঙলবাৰে সন্ধিয়া এক গোপন সূত্ৰৰ পমখেদি বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু চাংমাই আৰু তিনিচুকীয়া উপ-আৰক্ষীৰ অধিক্ষক হিৰণ্য কুমাৰ বড়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অতৰ্কিতে মৌচুম বৰুৱা বাসগৃহত অভিযান চলাই ড্ৰাগছসহ হাতে-লোটে আটক কৰিবলৈ সক্ষম ভাৰতী বৰুৱাক।

ভাৰতী বৰুৱা আটক হয় যদিও তেওঁ স্বামী কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৌচুম বৰুৱাই আৰক্ষীৰ অহা উমান পাই ঘৰৰ পৰা পলায়ন কৰে। পলাতক মৌচুম বৰুৱাক আটক কৰা বাবে আৰক্ষীয়ে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে।

বৰডুমচাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী...
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি: ১০০ MBBS আসনৰ অনুমোদন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in