কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি: ১০০ MBBS আসনৰ অনুমোদন...

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি: ১০০ MBBS আসনৰ অনুমোদন...
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি: ১০০ MBBS আসনৰ অনুমোদন...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ক আজি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰাত চহৰখনত আনন্দৰ বন্যা বৈছে । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ অৰ্থাৎ এন এম চিৰ অধীনৰ মেডিকেল এছেচমেন্ট এণ্ড ৰেটিং বোৰ্ডে চিঠি নম্বৰ NMC/UG/2023-24/000023/005791 জৰিয়তে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ চিকিৎসা মহাবিদ্যালয়খনত ১০০ গৰাকী ছাত্ৰ অধ্যয়ন কৰিব পাৰিব বুলি আনুষ্ঠানিক ভাৱে স্বীকৃতি প্ৰদান কৰিছে৷

উল্লেখ্য যে ২০২৩-২৪ শিক্ষাবৰ্ষত শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় আৰু স্বাস্থ্য বিজ্ঞানৰ অধীনত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পৰিব বুলি অনুমোদন দিয়ে ৷ উল্লেখ্য যে, ৰাজ্যখনত নতুনকৈ স্থাপন হোৱা নগাঁও, নলবাৰী আৰু কোকৰাঝাৰৰ ভিতৰত প্ৰথমতে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ে অনুমোদন লাভ কৰে ।

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত ১০০ খন আসনৰ অনুমোদন দিয়াত ৰাজ্যত মেডিকেল কলেজত আসনৰ সৰ্বমুঠ ১৩০০ খনলৈ বৃদ্ধি পালে ।

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি: ১০০ MBBS আসনৰ অনুমোদন...
নিখিল বড়ো ছাত্ৰ সন্থাৰ নৱ গঠিত কেন্দ্ৰীয় সমিতিৰ শপতগ্ৰহণ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in