মাৰ্ঘেৰিটাত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী শিবু ছেত্ৰীক আটক...

মাৰ্ঘেৰিটা আৰক্ষীয়ে এক গোপনসূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী শিবুক আটক কৰিছে

author-image
Asomiya Pratidin
New Update
মাৰ্ঘেৰিটাত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী শিবু ছেত্ৰীক আটক...

ডিজিটেল সংবাদ, তিনিচুকীয়া : কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী শিবু ছেত্ৰীক আটক। সোমবাৰে সন্ধিয়াৰ ভাগত মাৰ্ঘেৰিটা আৰক্ষীয়ে এক গোপনসূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই মাৰ্ঘেৰিটা ইউ'ক বেঙ্কৰ সমিপিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰাজকুমাৰ ছেত্ৰী ওৰফে শিবুক আটক কৰিবলৈ সক্ষম হয়।

ইয়াৰ পাছতেই আৰক্ষীয়ে ধৃত শিবুক লগত লৈ মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়তৰ সন্মুখতে থকা ধৃত শিবুৰ বাসগৃহত অভিযান চলাই যদিও বাসগৃহতোত ড্ৰাগছ পোৱা নগ'ল। উল্লেখ যে, পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ গোচৰত অভিযুক্ত হৈ ৰঙাঘৰৰ ভাত খাব লগা হৈছিল শিবুয়ে। পৰৱৰ্তী সময়ত জামিনত মুকলি হৈ পুনৰ ড্ৰাগছৰ বেহা ৰমৰমিয়াকৈ চলাই গৈছিল।

স্থানীয় ৰাইজ তথা গাওঁৰক্ষী বাহিনীয়ে এই সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষীক অভিযোগ দি আহিছিল যদিও আৰক্ষীৰ চকুত ধূলি দি এই বিষাক্ত ড্ৰাগছৰ অবৈধ বেহা অব্যাহত ৰাখিছিল। সোমবাৰে সন্ধিয়া আৰক্ষীৰ জালত পৰে কুখ্যাত ড্ৰাগছ সৰবাহকাৰীটো। মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ নৱপ্ৰজন্মক ধ্বংসৰ দিশলৈ ঠেলি দিয়া শিবুক কঠোৰ শাস্তীৰ দাবী তুলিছে স্থানীয় ৰাইজে।

Also Read: আজি ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল...

Assam police