
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহৰজত জয়ন্তী বৰ্ষৰ ২০২৩ৰ সৈতে সংগতি ৰাখি বিশিষ্ট লেখক তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক তথা প্ৰাক্তন প্ৰ' ভাইচ চেঞ্চেলাৰ ড০ মানবেন্দ্ৰ ভূঞাৰ গ্ৰন্থ "এ আৰ এণ্ড টি কোম্পানি আৰু অসমৰ ঔদ্যোগিক বিকাশ" শীৰ্ষক গ্ৰন্থৰ উন্মোচনী সভা অনুষ্ঠিত হয় মাৰ্ঘেৰিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ পূৱ কয়লাক্ষেত্ৰৰ মহাপ্ৰবন্ধক সৌন্দৰ্য প্ৰসাদ দত্ত, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা মহাবিদ্যালয় অধ্যক্ষ অতনু কাকতি, প্ৰাক্তন অধ্যক্ষ বৰুণ বৰা, জ্যৈষ্ঠ সাংবাদিক জগত চাংমাই। গ্ৰন্থ উন্মচোনী সভাখনৰ আঁত ধৰে প্ৰাক্তন সাংবাদিক ভাৰতভূষণ বৰঠাকুৰে। সভাৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে বৰুণ বৰাই বন্তি প্ৰজ্বলনে পাছতে সৰস্বতী বন্দনাৰে গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হয়।
অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে শিক্ষক অভিজিত শইকীয়া। গ্ৰন্থখন উন্মোচন কৰে মুখ্য অতিথি সৌন্দৰ্য প্ৰসাদ দত্তই। সভাত গ্ৰন্থখনৰ সৃষ্টি সম্পৰ্কে ভাষণ প্ৰদান কৰে অনুবাদক ডঃ ভূঞাই।
গ্ৰন্থখন উন্মোচন কৰি ভাষণ প্ৰসংগত মুখ্য অতিথি সৌন্দৰ্য প্ৰসাদ দত্ত উল্লেখ কৰে যে গ্ৰন্থখনত মাৰ্ঘেৰিটা কল উদ্যোগৰ ইতিহাস তথা বৃটিছে কিদৰে এই ক'ল উদ্যোগ গঢ়ি তুলিছিল সেই সম্পৰ্কে উল্লেখ থকাৰ ওপৰিও আৰ্থসামাজিক বিভিন্ন তথ্য উল্লেখ আছে।
ইয়াৰ পাছতে অতিথিৰ হিচাপে ভাষণ প্ৰদান কৰে বৰুণ বৰা আৰু জগত চাংমাই আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপক অতনু কাকতিয়ে। গ্ৰন্থখনৰ অনুবাদক ডঃ ভূঞাক বিদ্যালয় তথা ক'ল ইণ্ডিয়া ইউনিয়ন ক্ৰমে পূৰ্বত্তৰ খাদান মজদুৰ সংঘ( বি এম এছ), চিটুৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। "এ আৰ এণ্ড টি কোম্পানি আৰু অসমৰ ঔদ্যোগিক বিকাশ" গ্ৰন্থ খনে অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰিব বুলি আশা কৰা হৈছে।