"পৰিয়ালৰ এজন ব্যক্তিৰ কৰ্কট ৰোগ হ'লে সেই পৰিয়ালটোৰ প্ৰত্যেকেই কৰ্কট ৰোগীৰ দৰে হৈ পৰে"...

"পৰিয়ালৰ এজন ব্যক্তিৰ কৰ্কট ৰোগ হ'লে সেই পৰিয়ালটোৰ প্ৰত্যেকেই কৰ্কট ৰোগীৰ দৰে হৈ পৰে"...

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাতো ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত আৰু ভাৰতীয় চিকিৎসা সন্থা মাৰ্ঘেৰিটা শাখাৰ সহযোগত মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভা কক্ষত ৰাষ্ট্ৰীয় চিকিৎসক দিৱসটি শনিবাৰে দিনজোৰা কাৰ্যসূচীয়ে উৎযাপন কৰা হয়। ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি দিনক দিনে বৃদ্ধি পোৱা মুখৰ গৰ্ভৰ কৰ্কট ৰোগৰ কাৰণ, লক্ষণ, চিকিৎসা বিধিৰ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে সজাগতা সভা অনুষ্ঠিত কৰা হয়।

উক্ত সজাগতা সভাত দিল্লীস্থিত ৰাজীৱ গান্ধী কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ বিশিষ্ট কৰ্কট ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ সুমিত গোৱেলে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে। উক্ত সজাগতা সভা আৰু চিকিৎসক দিৱসৰ সভাতে মানৱ সেৱাত ব্ৰতী মাৰ্ঘেৰিটাৰ বহু কেইগৰাকী বিশিষ্ট চিকিৎসক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ভাষণ প্ৰসংগত ডাঃ সুমিত গোৱেলে কয় যে "পৰিয়ালৰ এজন ব্যক্তিৰ কৰ্কট ৰোগ হলে সেই পৰিয়ালটোৰ প্ৰত্যেকেই কৰ্কট ৰোগীৰ দৰে হৈ পৰে"- মাৰ্ঘেৰিটাত চিকিৎসক দিৱস উপলক্ষে অনুস্থিত এক সজাগতা সভাত অংশগ্ৰহণ কৰি ভাৰতৰ এগৰাকী আগশাৰীৰ কৰ্কটৰোগৰ বিশেষজ্ঞ ডাঃ সুমিত গোবেলে এনেদৰে মন্তব্য কৰে।

তেওঁ কয় যে, "গুটকা, পানমচলা জাতীয় নিচাযুক্ত বস্তু সমূহে মূখ গহ্বৰ কৰ্কট ৰোগৰ সৃষ্টিত অৰিহণা যোগায়। পৰিয়ালৰ এজন ব্যক্তিৰ য'দি এই ৰোগ হয় তেন্তে গোটেই পৰিয়ালটোৱেই শাৰীৰিক আৰু মানসিক ভাৱে কৰ্কট ৰোগীৰ দৰেই হৈ পৰে।" গতিকে এই ৰোগৰ পৰা পৰিত্ৰাণ পায় থাকিবলৈ সকলোকে চিকিৎসক গোবেলে মূখৰ ৰুচিৰ বাবে ব্যৱহাৰ কৰা গুটখা জাতীয় বস্তু সমূহ সম্পূৰ্ণৰূপে বাদ দিবলৈ আহ্বান জনায়।

ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটীৰ মাৰ্ঘেৰিটা শাখা আৰু আই. এম. এ ৰ যুটীয়া উদ্যোগত উদযাপন কৰা চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুখ গহ্বৰ (ORAL Cancer) কৰ্কট ৰোগৰ সজাগতা সভাত দিল্লীস্থিত ৰাজীৱ গান্ধী কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ বিশেষজ্ঞ চিকিৎসক ডা৹ সুমিত গোবেল দেৱে অংশ গ্ৰহণ কৰে। মাৰ্ঘেৰিটাৰ সজাগতা সভাত চিকিৎসক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে সভাত মাৰ্ঘেৰিটাৰ ছাব্বিশ গৰাকী চিকিৎসকক সম্বৰ্ধনা পত্ৰ, চেলেং আৰু স্মাৰক প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অন্যহাতে মাৰ্ঘেৰিটা ক'ল ইণ্ডিয়া কেন্দ্ৰীয় চিকিৎসালয়তো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। এই উপলক্ষে মানৱ সেৱাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত হৈ জীৱনৰ প্ৰতিটো মূহুৰ্ত আৰ্তজনৰ কাষত থিয় হৈ মানৱ সেৱা আগবঢ়াই অহা মাৰ্ঘেৰিটাৰ কেইবাজনো চিকিৎসকক ভাস্কৰ শৰ্মা ফেন্স ক্লাৱে শনিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

ড° বিধান চন্দ্ৰ ৰয়ৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি পালন কৰা দিৱসটিত উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসকক সকলক একোখনকৈ ফুলাম গামোচা, ফুলৰ টাব, জাঁ‌পি আৰু মিঠাইৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অৱসৰ গ্ৰহণ কৰাৰ পিছতো মানৱ সেৱাত ব্ৰতী হোৱা ড° ভূৱন চন্দ্ৰ সোণোৱাল আৰু ড° আব্দুল হালিমকো সম্বৰ্ধনা জ্ঞাপন কৰি দীৰ্ঘায়ু কামনা কৰে। ভাস্কৰ শৰ্মা ফেন্স ক্লাৱৰ সভাপতি জ্যোতিষ ৰাইৰ নেতৃত্বত কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

"পৰিয়ালৰ এজন ব্যক্তিৰ কৰ্কট ৰোগ হ'লে সেই পৰিয়ালটোৰ প্ৰত্যেকেই কৰ্কট ৰোগীৰ দৰে হৈ পৰে"...
উত্তপ্ত পৰিস্থিতিঃ প্ৰতিবাদকাৰীয়ে ৫০০তকৈ অধিক অট্টালিকা, ২০০০ খন বাহনৰ উপৰি জ্বলাই দিলে চৰকাৰী সম্পত্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in