গছপুলি ৰোপণৰ অভিলেখৰ সময়তে তৈলকূপ স্থাপনৰ নামত অবাধ বন ধ্বংস...

ছপুলি ৰোপণৰ অভিলেখৰ সময়তে তৈলকূপ স্থাপনৰ নামত অবাধ বন ধ্বংস...
ছপুলি ৰোপণৰ অভিলেখৰ সময়তে তৈলকূপ স্থাপনৰ নামত অবাধ বন ধ্বংস...

ডিজিটেল সংবাদ তিনিচুকীয়া: ফ্লপশ্ব'ত পৰিণত হোৱা ৰাজ্য চৰকাৰৰ বহুচৰ্চিত অভিলাষী আঁচনি 'অমৃত বৃক্ষ আন্দোলন'ৰ নামত লাখ লাখ গছপুলি হত্যা কৰা হ'ল । ইয়াকে কেন্দ্ৰ কৰি আজিও ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে ।

এইবিষয়ত বিশেষকৈ সামাজিক মাধ্যমত চৰকাৰক বাৰুকৈয়ে তুচ্ছ-তাচ্ছিল্য কৰা দেখিবলৈ পোৱা গৈছে। অৱশ্যে বনাঞ্চল ধ্বংসত ৰাজ্য চৰকাৰে হাত উজান দি অহা কথাটো সময়ে সময়ে প্ৰমাণিত হৈ আহিছে ।

ইয়াৰ মাজতে এইবাৰ চৰকাৰ তথা বন বিভাগৰ সেউজ সংকেতত অইল ইণ্ডিয়া লিমিটেডে বনাঞ্চল ধ্বংসযজ্ঞত হাত উজান দিছে । তেল খনন তথা তৈলকূপ স্থাপনৰ বিপৰীতে অইলে এই বনধ্বংস অব্যাহত ৰাখিছে এখন সংৰক্ষিত বনাঞ্চলত।

বনাঞ্চলখনৰ প্ৰায় ২২ বিঘা ভূমিত তৈলকূপ স্থাপনৰ নামত অইল ইণ্ডিয়াই চলাইছে ধ্বংসলীলা । জেচিবি, ফকলেন আদি উন্নত প্ৰযুক্তিৰ মেচিনৰ সহায়ত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পেলোৱা হৈছে । তচনচ কৰা হৈছে ২২ বিঘাজোৰা বনাঞ্চল ।

স্মৰ্তব্য যে তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ ছৈখোৱা ৰেঞ্জৰ অন্তৰ্গত মেচাকি সংৰক্ষিত বনাঞ্চলত কেইবাবছৰৰ পূৰ্বে অইল ইণ্ডিয়া লিমিটেডে খাৰুৱা তেলৰ সন্ধান লাভ কৰিছিল । এসময়ত আলফাৰ ২৮ নং বেটেলিয়ানৰ ঘাটি হিচাপে পৰিগণিত অঞ্চলটোত অইলে তেল উৎপাদনৰ চিন্তা-চৰ্চাৰ পৰা বিৰত আছিল যদিও শেহতীয়াকৈ বিভিন্ন পক্ষক মেনেজ কৰি অইলে মেচাকি বনাঞ্চলত তেলকূপ স্থাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে ।

অৱশ্যে ইয়াৰ বাবে অইলে ইতিমধ্যেই ৰাজ্য চৰকাৰৰ লগতে বন বিভাগৰ অনুমতি লাভ কৰিবলৈ সক্ষম হৈছে । যাৰবাবেই ৩•৫৪৫ হেক্টৰ মাটিকালিৰে আৱৰি থকা মেচাকি সংৰক্ষিত বনাঞ্চলত অইলে চলাই গৈছে বনধ্বংস অভিযান । পিচে তাৎপৰ্যপূৰ্ণ কথাটো হ'ল সংৰক্ষিত বনাঞ্চলত কোনোধৰণৰ ধ্বংসাত্মক কাৰ্যকলাপ তথা উদ্যোগ স্থাপন নীতিবিৰোধ যদিও চৰকাৰ তথা বন বিভাগৰ কৃপাত সেয়াও সম্ভৱ হৈ উঠিছে মেচাকি সংৰক্ষিত বনাঞ্চলত । বাধা দিওঁতা কোনো নাই ।

পিচে অইল ইণ্ডিয়া লিমিটেডৰ এই বনধ্বংস কাৰ্যকলাপৰ বিৰুদ্ধে গৰজি উঠিছে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা । সংৰক্ষিত বনাঞ্চলৰ ভূমিত তৈলখাদ স্থাপনৰ তীৱ্ৰ বিৰোধিতা কৰিছে কাকপথাৰ আছুৱে । লগতে অনতিবিলম্বে বনধ্বংস অভিযানৰ পৰা বিৰত থাকিবলৈ অইল ইণ্ডিয়াক সকিয়নি প্ৰদান কৰিছে।

বনাঞ্চলৰ ভূমিত তথা সংৰক্ষিত এলেকাত সম্পদ লুন্ঠনৰ অনুমতি দিয়া শাসকীয় বিজেপি চৰকাৰকো সন্থাই চোকা সমালোচনা কৰিছে । ৰাজ্য চৰকাৰ তথা অইল ইণ্ডিয়াৰ এনে পৰিৱেশ বিনষ্টকাৰী সিদ্ধান্ত কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি এক বিবৃতিত কাকপথাৰ আছুৱে উল্লেখ কৰি যি সময়ত অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে এক কোটি গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সেই সময়ত অইল ইণ্ডিয়াই মেচাকি সংৰক্ষিত বনাঞ্চলত বন ধ্বংসযজ্ঞ কাৰ্য গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰি অনাগত দিনত বনধ্বংস অভিযানৰ পৰা বিৰত থাকিবলৈ অইল ইণ্ডিয়াক সকিয়নি প্ৰদান কৰিছে। অন্যথাই তীব্ৰ গণতান্ত্ৰিক আন্দোল গঢ়ি তোলাৰ হুংকাৰ দিছে ।

ছপুলি ৰোপণৰ অভিলেখৰ সময়তে তৈলকূপ স্থাপনৰ নামত অবাধ বন ধ্বংস...
অসম শ্ৰম সেৱা সংস্হাৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in