/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2d4e872b-eaa4-44c5-8da0-5cfbda8be11b/Dadhia.jpg)
ডিজিটেল সংবাদ, চাবুৱাঃ বাৰিষাৰ প্ৰথমটো বানে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দধিয়াবাসীৰো জনজীৱন স্তব্ধ কৰিছে। প্ৰায় দুমাহ ধৰি মাটিৰ মুখ নেদেখা দধিয়াৰ এখন গাঁৱৰ গাঁওবাসীৰ জীৱনলৈ ভূতৰ ওপৰত দানৱ পৰাদি নতুনকৈ নামি আহিছে খহনীয়াৰ সমস্যা।
ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই দধিয়াৰ আইচুং অঞ্চলৰ প্ৰায় ৩০০ পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে। বহু পৰিয়াল ইতিমধ্যে গৃহহীন হৈ দিক-বিদিক হেৰুৱাইছে। খাদ্য আৰু চিকিৎসাৰ অভাৱত ভুগি জীয়াই থকাৰ তাড়নাত কাঠ আৰু খৰি বিক্ৰী কৰি দুপইচা অৰ্জন কৰাৰ আশাত কণ কণ শিশুয়ে প্ৰৱল নদীৰ সোঁতত উটি অহা কাঠৰ টুকুৰা সংগ্ৰহ কৰা বিপদসংকুল দৃশ্যবোৰ এতিয়া দধিয়াত সুলভ।
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়ীয়ে বান-খহনীয়া বিধস্ত অঞ্চলটোৰ ৰাইজৰ অৱস্থাৰ বুজ ল'বলৈ দধিয়াত উপস্থিত হৈ ৰাজহুৱা সভাৰ অনুষ্ঠিত কৰে। গাঁওবাসীৰ কৰুণ জীৱন গাঁথাৰ অন্ত পেলাবলৈ যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে দধীয়াবাসীয়ে।
Also Read: শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে নিৰ্জীৱ বাঁহৰ টুকুৰা...