/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5d38178a-d88f-49f9-92e2-d3380f9d4866/AP_FOR_WEB_bamboo.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ এগৰাকী প্ৰচাৰ বিমুখ যুৱ ভাস্কৰ্য্যশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহৰ টুকুৰা। অভিনৱ ভাস্কৰ্য্য শিল্প সৃষ্টি কৰি চমক যুৱকজনৰ ৷ জামুগুৰিহাটৰ বাকোলা গাঁৱৰ তজিৰুল হক নামৰ ভাস্কৰ্য্যশিল্পীজন এতিয়া ব্যস্ত বাঁহৰ টুকুৰাৰে বিভিন্ন আকৰ্ষণীয় সামগ্ৰী নিৰ্মাণৰ কামত৷
এখন কটাৰীৰে বাঁহৰ টুকুৰাত শিল্পীমনৰ প্ৰতিফলন ঘটাই বিভিন্ন ভাস্কৰ্য্য খোদিত কৰি অহা তজিৰুলে শেহতীয়াভাবে বাঁহৰ টুকুৰাৰে আকৰ্ষণীয় ৰূপত তৈয়াৰ কৰি উলিয়াইছে ৱাটাৰ ফাউণ্টেইন ৷ নিখুঁত ৰূপত তৈয়াৰ কৰি উলিওৱা ৱাটাৰ ফাউণ্টেইনত চাইকেল চলোৱা, দমকল মৰা, ঘোঁৰা দৌৰা, বৰশী বোৱা, কুলাত চাউল জৰাকে ধৰি বিভিন্ন দৃশ্য সাইলাখ জীৱন্ত ৰূপত প্ৰতিফলিত কৰিছে শিল্পীজনে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/77965e37-355f-4e24-b158-356132b8afc8/Screenshot__1418_.png)
তদুপৰি যুৱ ভাস্কৰ্য্যশিল্পী তজিৰুলে বাঁহ টুকুৰাৰে নিৰ্মাণ কৰি উলিওৱা কলকাতাৰ হাওৰা দলঙেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ আনহাতে শিল্পীগৰাকীয়ে বাঁহৰ ফলিৰ ওপৰত কৌশলেৰে অংকন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল, জ্যোতিপ্ৰসাদ আগৰৱালা, নেতাজী সুভাষ চন্দ্ৰ বসু, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আদি বিশিষ্ট ব্যক্তিৰ ছবি ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/139193f3-4e52-487e-bf51-de8d1f59d54f/Screenshot__1432_.png)
জামুগুৰিহাটৰ বাকোলা গাঁৱৰ খাইৰুল হকৰ সন্তান তজিৰুলে বিগত প্ৰায় দহ বছৰো অধিক কাল নিজৰ ভাস্কৰ্য্য শিল্পৰ চৰ্চা অব্যাহত ৰাখিছে। আৰ্থিক দুৰ্বলতাৰ বাবে আধুনিক নিৰ্মাণ যন্ত্ৰ-পাতি ক্ৰয় কৰিব নোৱাৰাত নিজৰ শিল্প সাধনাৰ সম্প্ৰসাৰণ ঘটাব পৰা নাই বুলি জানিবলৈ দিয়ে তজিৰুলে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b31e5e98-bef8-4df2-9947-c2899af78ed8/Screenshot__1433_.png)
উল্লেখ্য যে, ভাস্কৰ্য্যশিল্পী গৰাকীয়ে নিৰ্মাণ কৰি উলিওৱা সামগ্ৰীসমূহ বিক্ৰী কৰি ইতিমধ্যেই ধন উপাৰ্জন কৰিছে ৷ নিজে স্বাৱলম্বী হৈ পৰিয়াল ভৰণ পোষণ দিয়াৰ লগতে আনকো স্বালম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে তজিৰুলে ৷ চৰকাৰে এইক্ষেত্ৰত যুৱ ভাস্কৰ্য্যশিল্পী তজিৰুল হকক আৰ্থিক ভাবে কিছু সহায়-সহযোগীতা আগবঢ়ালে অনাগত দিনত আৰু আগবাঢ়ি যাব বুলি মত প্ৰকাশ কৰে স্থানীয় লোকে।