কাকপথাৰত ডকাইতি কাণ্ড: দুৰ্বৃত্তই অস্ত্র দেখুৱাই লুটি নিলে টকা-সামগ্ৰী...

কাকপথাৰত ডকাইতি কাণ্ড। কাকপথাৰৰ কাঁচিজান হাবিৰ সমীপত সংঘটিত হৈছে এই ডকাইতি কাণ্ডৰ ঘটনা

author-image
Asomiya Pratidin
New Update
কাকপথাৰত ডকাইতি কাণ্ড: দুৰ্বৃত্তই অস্ত্র দেখুৱাই লুটি নিলে টকা-সামগ্ৰী...

ডিজিটেল ডেস্ক : কাকপথাৰত ডকাইতি কাণ্ড। কাকপথাৰৰ কাঁচিজান হাবিৰ সমীপত সংঘটিত হৈছে এই ডকাইতি কাণ্ডৰ ঘটনা। বাইকত অহা দুই দুৰ্বৃত্তই অস্ত্র দেখুৱাই এজনৰ পৰা টকাসহ লুটি নিলে সামগ্ৰী।

ঘটনা অনুসৰি অনলাইন ডেলিভাৰীত কাম কৰা এজন যুৱকৰ পৰা অস্ত্র দেখুৱাই লুটপাত চলাই দুৰ্বৃত্তই। দুৰ্বৃত্ত দুজনে ভুক্তভোগী যুৱক প্রাঞ্জল দত্তৰ পৰা নগদ ৭ হাজাৰ টকা আৰু অনলাইন পাৰ্চেল সামগ্রী লুটি নিয়ে। এক্সপ্ৰেছ বীছ নামৰ প্রতিষ্ঠানটোৰ কৰ্মৰত আছিল যুৱকজন।

উল্লেখ্য যে, ঘটনাৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে ভুক্তভোগী প্রাঞ্জল দত্তই। আৰু দুৰ্বৃত্তক বিচাৰি আৰক্ষীয়ে এতিয়া অব্যাহত ৰাখিছে অভিযান।

Also Read: প্ৰসংগ- এ পি এছ চি কেলেংকাৰী: আজি সাক্ষ্য গ্রহণ ভঙাগড় থানাৰ গোচৰৰ...

Assam police