কাৰ্বি আংলঙত প্ৰাক্তন এন ডি এফ বি সদস্যৰ বি জে পিত যোগদান

যোগদান অনুষ্ঠানত তুলিৰাম ৰঙহাঙৰ উপৰিও সাংসদ হৰেনছিং বে, বিধায়ক বিদ্যাছিং ইংলেঙ আদি বি জে পি দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলঙত প্ৰাক্তন এন ডি এফ বি সদস্যৰ বি জে পিত যোগদান

ডিজিটেল ডেস্কঃ শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্তীৰ এক অনুষ্ঠানত অৰ্ধশতাধিক প্ৰাক্তন এন ডি এফ বি সদস্যই বি জে পিত যোগদান কৰে। মঙলবাৰে দলটোৰ কাৰ্বি আংলঙ জিলাৰ ডিফুস্থিত বাজপেয়ী ভৱনত অনুষ্ঠিত এক সভাত এইসকল প্ৰাক্তন এন ডি এফ বি সদস্যই দলটোত যোগদান কৰে।

Advertisment

বি জে পি দলৰ নীতি আৰু আদৰ্শত অনুপ্ৰাণিত হৈ যোগদান কৰা এই এন ডি এফ বিৰ প্ৰাক্তন সদস্যসকলক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰঙহাঙে উষ্ম আদৰণি জনায়। অনুষ্ঠানত ভাষণ প্ৰসংগত তুলিৰাম ৰঙহাঙে তেওঁলোকৰ যোগদানে কেৱল কাৰ্বি আংলঙতে নহয়, চুবুৰীয়া পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাতো দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিব বুলি মন্তব্য কৰে।

এই যোগদান অনুষ্ঠানত তুলিৰাম ৰঙহাঙৰ উপৰিও সাংসদ হৰেনছিং বে, বিধায়ক বিদ্যাছিং ইংলেঙ আদি বি জে পি দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে।

Also Read: অহা ২০ এপ্ৰিলৰ পৰা খানাপাৰাত 'ৰঙালী'ৰ সপ্তম সংস্কৰণ

assam bjp