কাকপথাৰত বনকৰা কিশোৰীৰ শৰীৰত গৰমপানী ঢালি নিৰ্যাতন ছাত্ৰ নেতাৰ...

কাকপথাৰত বনকৰা কিশোৰীৰ শৰীৰত গৰমপানী ঢালি নিৰ্যাতন ছাত্ৰ নেতাৰ...
কাকপথাৰত বনকৰা কিশোৰীৰ শৰীৰত গৰমপানী ঢালি নিৰ্যাতন ছাত্ৰ নেতাৰ...
Published on
Updated on

ডিজিটেল সংবাদ তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত সংঘটিত হৈছে এক ভয়ংকৰ তথা জঘণ্য কাণ্ড । বনকৰা কিশোৰীৰ শৰীৰত গৰমপানী ঢালি নিৰ্যাতন চলোৱাৰ অভিযোগত ৰঙাঘৰৰ আলহি হৈছে মনেশ্বৰ চাওৰা (৩৫) নামৰ এক ধুৰন্ধৰ ছাত্ৰনেতা ।

কিশোৰীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত কাকপথাৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি আজি জেললৈ প্ৰেৰণ কৰে ছাত্ৰনেতাজনক । জানিব পৰা মতে কাকপথাৰ অঞ্চলৰ কুমচাং চাহ বাগিচাৰ ১৮ নং লাইনৰ বাসিন্দা তথা চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ তিনিচুকীয়া জিলা সমিতিৰ সাংগঠিক সম্পাদক মনেশ্বৰ চাওৰাই সোমবাৰে পুৱা তেওঁলোকৰ ঘৰত বনকৰা এগৰাকী ১২ বছৰীয়া কিশোৰীৰ গাত গমৰপানী ঢালি শাৰিৰীক নিৰ্যাতন চলায় ।

পিছলৈ বিষয়টো ৰাষ্ট্ৰ হৈ পৰাত কাকপথাৰ আৰক্ষীৰ তৎপৰতাত কিশোৰীগৰাকীক উদ্ধাৰ কৰি কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় আৰু প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক তিনিচুকীয়াৰ শিশু শ্রমিক সুৰক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।

কিশোৰীগৰাকীয়ে আৰক্ষীৰ আগত ভাষ্য দিয়া অনুসৰি মনেশ্বৰ চাওৰাৰ উপৰি তেওঁৰ শিক্ষক পত্নীয়েও তাইৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাই আহিছিল । কিশোৰীগৰাকীৰ ঘৰ ডিব্ৰুগড় জিলাৰ মৰাণ পথালিবামত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

এগৰাকী ছাত্ৰ সংগঠনৰ নেতাৰ দ্বাৰা সংঘটিত এনে অমানৱীয় তথা জঘন্য কাণ্ডক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে কাকপথাৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৬/৫০৬/৩০৭ ধাৰাৰ বিপৰীতে ৭০/২০২ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি সোমবাৰে নিশাই অভিযুক্ত আটছা নেতা মনেশ্বৰ চাওৰাক আটক কৰে আৰু আজি তিনিচুকীয়া মহামান্য আদালতত হাজিৰ কৰি বাহিৰে বাহিৰে জেললৈ প্ৰেৰণ কৰে ৷

কাকপথাৰত বনকৰা কিশোৰীৰ শৰীৰত গৰমপানী ঢালি নিৰ্যাতন ছাত্ৰ নেতাৰ...
মৰুভূমি হৈ যাওঁক অসম ! মোডীক দিয়া কথা মতেই হ'ব লাগিব পাম খেতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in