তীব্ৰবেগী বাইকৰ খুন্দাত শিশুৰ থিতাতে মৃত্যু...

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈ ৰেল ষ্টেচনৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে দুপৰীয়া ভাগত হোৱা এক পথ দুৰ্ঘটনাত এটি শিশু থিতাতে নিহত হয়
তীব্ৰবেগী বাইকৰ খুন্দাত শিশুৰ থিতাতে মৃত্যু...

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈ ৰেল ষ্টেচনৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে দুপৰীয়া ভাগত হোৱা এক পথ দুৰ্ঘটনাত এটি শিশু থিতাতে নিহত হয়। জব্বৰ খান নামৰ বাইক আৰোহী জনে মাৰ্ঘেৰিটা দিশৰ পৰা ডিগবৈ অভিমুখে গৈ থকা অৱস্থাত পাৱৈ ৰেল ষ্টেছনৰ সমীপত এ এচ ২৩ এ এফ ৬৫৭১ নম্বৰৰ তীব্ৰবেগী বাইকখনে পাৱৈ চাহ বাগিছাৰ নাগাপাৰ অঞ্চলৰ ৰাজ ওৰাং (৭) নামৰ শিশুজনক খুন্দা মাৰে ।

বাইকৰ খুন্দাত শিশুজনৰ থিতাতে নিহত হয়। ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ মৃত শিশুজনক উদ্ধাৰ কৰাৰ লগতে উদণ্ড বাইক চালকজনক আটক কৰিছে। লগতে দুৰ্ঘটনাত পতিত বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে ।

তীব্ৰবেগী বাইকৰ খুন্দাত শিশুৰ থিতাতে মৃত্যু...
কচুৱাত আমছুৰ শ্বহীদ দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in