কচুৱাত আমছুৰ শ্বহীদ দিৱস উদযাপন...

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শুকুৰবাৰে কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন । দেশৰ বিভিন্ন প্ৰান্তত আজি দিনযোৰা কাৰ্যসূচীয়ে পালন কৰিছে কেন্দ্ৰীয় শ্বহীদ দিৱস।
কচুৱাত আমছুৰ শ্বহীদ দিৱস উদযাপন...

ডিজিটেল সংবাদ, কচুৱাঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শুকুৰবাৰে কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন । দেশৰ বিভিন্ন প্ৰান্তত আজি দিনযোৰা কাৰ্যসূচীয়ে পালন কৰিছে কেন্দ্ৰীয় শ্বহীদ দিৱস।

সমান্তৰালকৈ নগাঁও জিলাৰ কচুৱাত নগাঁও জিলাৰ আমছুৰ উদোগত ৪৩ তম কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰে। সংখ্যালঘুৰ হৈ প্রাণ আহুতি দিয়া শ্বহীদ সকলৰ স্মৰণত ১৯৮৩ চনৰ পৰা প্ৰতি বছৰে ২৬ মে তাৰিখে এই দিৱস উদযাপন কৰি আহিছে আমছুয়ে।

দিনযোৰা কাৰ্যসূচীয়ে আয়োজন কৰা শ্বহীদ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ইকবাল হুছেইন, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদক নজৰুল ইছলাম, নগাঁও জিলা সমিতিৰ সভাপতি মাইনুল ইছলাম, মুজাহিদুল আলমৰ লগতে আমছুৰ বিষয়ববীয়া সকল।

মুখ্য অতিথিসকলে নিজৰ ভাষণত সংখ্যালঘু হকে প্রাণ আহুতি দিয়া শ্বহীদ সকলক স্মৰণ কৰি বৰ্তমান সমাজত চলি থকা বিভিন্ন অনৈতিক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ বিভিন্ন পৰামৰ্শ প্ৰদান কৰে । লগতে অনুষ্ঠানৰ শেষত এক সংবাদ মেল আয়োজন কৰি বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে।

কচুৱাত আমছুৰ শ্বহীদ দিৱস উদযাপন...
দিল্লী আৰক্ষীত কৰ্মৰত এগৰাকী কনিষ্টবল উত্তীৰ্ণ হ'ল UPSCত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in