চাবুৱাত বিধ্বংসী ধুমুহা: উচন হ'ল শতাধিক ঘৰ-বাৰী...

চাবুৱাত পুৱাই বিধ্বংসী বতাহ-ধুমুহাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ শতাধিক লোকৰ ঘৰ দুৱাৰ ধংস হয়। ৰঙালী বিহুৰ আনন্দৰ ব্যস্ততা সময়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্ট হয় এলেকাটোত।

author-image
Asomiya Pratidin
New Update
চাবুৱাত বিধ্বংসী ধুমুহা: উচন হ'ল শতাধিক ঘৰ-বাৰী...

ডিজিটেল সংবাদ, চাবুৱা : চাবুৱাত বুধবাৰে পুৱাই অহা এজাক বিধ্বংসী বতাহ-ধুমুহাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ টকৌবাম, ন-পাম, ৰাজাবাৰী, পুলুঙা আদিত শতাধিক লোকৰ ঘৰ দুৱাৰ ভাঙি ধংস বিনষ্ট হয়। অঞ্চলটোত বতাহ-ধুমুহাৰ ফলত পশু তথা গো-ধনও মৃত্যুক সাৱতি লেৱাৰ পৰিলক্ষিত হয়।

Advertisment

ৰঙালী বিহুৰ ব্যস্ততাৰ এই সময়চোৱাত প্ৰকৃতিৰ অই বিনষ্টত গাওঁ কেইখনত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে। চাবুৱা পুলুঙা, ৰজাবাৰীৰ টকোপাম ভাৰধৰা গাঁৱত বহু ঘৰ, দোৱাৰ আৰু বিদ্যুতৰ খুঁটা ভাঙি টহিলং হোৱা পৰিলক্ষিত হৈছে ।

তদুপৰি প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি ঘৰ আৰু বিদ্যুত পৰিবাহী তাঁৰৰ ওপৰত পৰি যোৱাত বিজুলী যোগান আৰু যাতায়ত বাধাৰ সৃষ্টি । এক প্ৰকাৰৰ জনজীৱনত ব্যাঘাত সানিলে এই ধুমুহাই।

Also Read: ডবকাত চাঞ্চ্যলকৰ ঘটনা: হঠাৎ অসুস্থ অৰ্ধ শতাধিক শিশু...

GOVT OF ASSAM chabua