তিনিচুকীয়াৰ ষ্ট্ৰং ৰুমত বিকল চিচিটিভি কেমেৰা !

সাধাৰণ যান্ত্ৰিক বিজুতি বুলি উল্লেখ জিলা আয়ুক্তৰ...
তিনিচুকীয়াৰ ষ্ট্ৰং ৰুমত বিকল চিচিটিভি কেমেৰা !

ডিজিটেল সংবাদ,তিনিচুকীয়াঃ ই ভি এম টেম্পাৰিঙৰ জড়িয়তে শাসকীয় পক্ষই লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হ'ব পাৰে বুলি বিভিন্ন ৰাজনৈতিক দলে আশংকা ব্যক্ত কৰি অহাৰ সময়তে দেওবাৰে নিশা প্ৰায় ৪ ঘন্টা ধৰি তিনিচুকীয়া চহৰৰ সৰ্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুমত বিদ্যুৎ যোগান ব্যাহত হয়। ইয়াৰ লগে লগে ষ্ট্ৰং ৰুমত স্থাপন কৰা চিচিটিভি কেমেৰাসমূহো বিকল হোৱা বুলিও কেইবাটাও বিৰোধী ৰাজনৈতিক দলে অভিযোগ উত্থাপন কৰে আৰু বিষয়টোৱে সামাজিক মাধ্যমতো ব্যাপক প্ৰচাৰ লাভ কৰে।

ডিব্ৰুগড় লোকসভা সমষ্টিত পৰাজয়ৰ আশংকাত শাসকীয় পক্ষই এনে নিকৃষ্ট কাৰচাজি চলাব পাৰে বুলিও একাংশই ধাৰণা কৰিছে। উল্লেখ্য যে দেওবাৰে নিশা প্ৰায় ২.২০ বজাৰ পৰা প্ৰায় চাৰি ঘন্টা সময় ধৰি তিনিচুকীয়াৰ ষ্ট্ৰং ৰুমত বিদ্যুত যোগান ব্যাহত হৈছিল আৰু এই বিষয়ে ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে বিষয়টো সামাজিক মাধ্যমত পোষ্ট কৰি ই এক ৰহস্যজনক বিষয় বুলি উল্লেখ কৰে। পৰৱৰ্তী সময়ত তেওঁ বিষয়টো সংবাদ মাধ্যমৰো দৃষ্টিগোচৰ কৰে। যাৰ বাবে ইয়াকে লৈ ৰাজনৈতিক দলসমূহৰ মাজত নিমিষতে হৈ চৈ লাগে।

বিষয়টোৰ সন্দৰ্ভত সকলোৱে জিলা আয়ুক্তক অভিযোগো কৰে।ইয়াৰ পৰিপ্ৰেক্ষিতত আজি দিনৰ ভাগত জিলা আয়ুক্ত স্বপ্নীল পালে এক সংবাদমেল সম্বোধন কৰি যোৱা নিশা ষ্ট্ৰং ৰুমৰ চিচিটিভি কেমেৰা বহু সময় ধৰি বিকল হৈ পৰা বুলি উত্থাপিত অভিযোগ পোনচাতেই নাকচ কৰে। তেওঁ এই অভিযোগ খণ্ডন কৰি কয় যে, যোৱা নিশা ২.২০ বজাত বৈদ্যুতিক বিজুতিৰ বাবে কিছু সময়ৰ বাবে ষ্ট্ৰং ৰুমৰ ক্ল'জ চাৰ্কিট টিভিৰ মনিটৰ বন্ধ হৈ পৰিছিল। তাৎক্ষণিকভাৱে ইয়াক মেৰামতি কৰিবলৈ গভীৰ নিশা হোৱা বাবে উপযুক্ত লোক নথকাত কিছু সময় ধৰি মনিটৰে কাম কৰা নাছিল। পৰৱৰ্তী সময়ত পুৱা ৬ বজাত ইয়াৰ মেৰামতি কৰি পুন:সংযোগ স্থাপন কৰা হয় ।

এই ঘটনা এটা সাধাৰণ যান্ত্ৰিক বিজুতি বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে আৰু কয় যে, সেই সময়চোৱাত চিচিটিভি কেমেৰাসমূহে সঠিকভাৱেই কাম কৰি আছিল। চিচিটিভি কেমেৰাৰ ফুটেজ কোনোবাই প্ৰত্যক্ষ কৰিব বিচাৰিলে উক্ত সময়ৰ ৰেকৰ্ডিং দেখুৱাবলৈ জিলা প্ৰশাসন প্ৰস্তুত আছে বুলি জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে স্পষ্ট কৰি দিয়ে । একাংশ লোকে অভিযোগ কৰাৰ দৰে এই ঘটনাত কোনো ৰহস্য নাই । কিয়নো ছীল হৈ থকা ষ্ট্ৰং ৰুমৰ একেবাৰে কাষতে সকলো ৰাজনৈতিক দল বা প্ৰাৰ্থীসকলৰ নিজা নিজা প্ৰতিনিধিয়ে অনবৰতে পহৰা দি আছে। তেনেস্থলত মনিটৰৰ সামান্য বিজুতিয়ে কোনো অঘটন ঘটাব নোৱাৰে। নিৰ্বাচন আয়োগৰ কঠোৰ নিৰীক্ষণত নিৰ্বাচন সংক্ৰান্তীয় সকলো কাম-কাজ সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাবে সম্পন্ন কৰা হৈছে বুলি তেওঁ সংবাদমেলত দৃঢ় মত প্ৰকাশ কৰে ।

তিনিচুকীয়াৰ ষ্ট্ৰং ৰুমত বিকল চিচিটিভি কেমেৰা !
সাহিত্যিক ৰাণা কাফলেক টুম্প্ৰেংত শুভেচ্ছা জ্ঞাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in