সাহিত্যিক ৰাণা কাফলেক টুম্প্ৰেংত শুভেচ্ছা জ্ঞাপন

সাহিত্যিক ৰাণা কাফলেক টুম্প্ৰেংত শুভেচ্ছা জ্ঞাপন

ডিজিটেল সংবাদ,হাওৰাঘাটঃ সোমবাৰে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু টুম্প্ৰেং কপিলীপৰীয়া শাখা সাহিত্য সভাৰ সহযোগত বিশিষ্ট সাহিত্যিক ৰাণা কাফলেক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ মুগাছং নেপালী গাঁৱৰ বাসিন্দা জয়বাহাদুৰ ছেত্ৰী আৰু পবিত্ৰ মায়া দেৱীৰ একমাত্ৰ পুত্ৰ সন্তান ৰাণা কাফলে গাৰো ইউনিয়ন ইংলিছ এম ই স্কুলৰ সহকাৰী হিন্দী শিক্ষক হিচাপে কৰ্মৰত। অসম সাহিত্য সভাৰ আজীৱন সদস্য,পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ প্ৰাক্তন সভাপতি,অসম নেপালী সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰাক্তন সভাপতি ৰাণা কাফলেৰ পোন্ধৰ সংখ্যক 'ৰৈঠানে' নামৰ নেপালী ভাষাৰ উপন্যাসখনক আমেৰিকা ৱাশ্বিংটন ডিচিৰ নেপালী ভাষাৰ সাহিত্যিক সংগঠন আন্তঃৰাষ্ট্ৰীয় নেপালী সাহিত্য সমাজ চমুকৈ ( অনেসাস ) ৰ ২০২৩ বৰ্ষৰ 'সৰ্বোৎকৃষ্ট পুষ্টক' হিচাপে পুৰস্কৃত কৰিছে।

উল্লেখ্য যে,উপন্যাসিক গৰাকীয়ে ১৯৯২ চনৰ পৰা ২০২২ বৰ্ষলৈকে অসমীয়া,নেপালী আৰু হিন্দী আদি ভাষাত পোন্ধৰখন গ্ৰন্থ লিখি বৰ্তমানলৈকে ১৮ টা বঁটা লাভ কৰি অসম আৰু ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে। উপন্যাসিক ৰাণা কাফলেৰ প্ৰকাশিত গ্ৰন্থ সমূহ হৈছে বুৰ্কী (লঘু কথা,১৯৯২),মায়াকো বন্ধন ( নেপালী উপন্যাস,২০০৮),কপিলীকো বগৰমা বটুলেকা শব্দহৰু (নেপালী কবিতা সংকলন,২০১২),হেমপ্ৰেক (অসমীয়া উপন্যাস,২০১২),টুম্প্ৰেং আলোজী ( স্মৃতিগ্ৰন্থ সম্পাদনা,২০১৪),ভয় (হিন্দী কবিতা সংকলন,২০১৫),ভয় দৰ্শনকো মঝেৰিমা (নেপালী নিবন্ধ,২০১৫),নানী কী কাহানীয়া (হিন্দী লোক সাধু ,২০১৬), বিতুংদু (নেপালী নিবন্ধ,২০১৬),অস্তিত্ব (নেপালী কেঁচা কাব্য,২০১৭,মাতাল হাতীৰ তাণ্ডৱ (অসমীয়া কবিতা সংকলন,২০১৭),মিকৰাকবো (গাৰো কবিতা,২০২১),লীলা (লঘুকথা,২০২২),উৰান (কবিতা সংকলন,২০২২)।

উপন্যাসিক ৰাণা কাফলেই লাভ কৰা বঁটা সমূহ হৈছে - তিলমতী ভয়বাদ পুৰস্কাৰ,কেশৰদেৱ গিনিয়া দেৱী বাজাজ সন্মান,কাদম্বৰী ৰঘবীৰ দয়াল শৰ্মা সন্মান, নৰেশ চন্দ্ৰ শৰ্মা বিভূষণ শ্ৰীসন্মান,কাব্য কোবিদ ৰাষ্ট্ৰীয় গৌৰৱ সন্মান,গোবিন্দ সিং স্মৃতি সন্মান,মহাৰাজ জৈন স্মৃতি সন্মান,সাহিত্য শ্ৰীমানক উপাধি,সাহিত্য মণ্ডল ৰাজস্থান ভাষা ভূষণ সন্মান,সাহিত্য ৰত্ন সন্মান,কান্তিধাৰা সাহিত্য ৰত্ন মেৰধ,সাহিত্য সমীৰ দস্তুক ৰাষ্ট্ৰীয় গৌৰৱ সন্মান,জ্যোতি শ্ৰষ্টা সন্মান,সাহিত্য প্ৰতিভা সন্মান,বিদ্যাবাস্পতি (ডক্টৰেট ) বিক্ৰম শিলা হিন্দী বিদ্যাপিঠ,একচকল সন্মান আৰু আন্তঃৰাষ্ট্ৰীয় নেপালী সাহিত্য সমাজৰ ২০২৩ বৰ্ষৰ অনেসাসৰ সৰ্বোৎকৃষ্ট পুৰস্কাৰ লাভ কৰে। এই সুযোগতে টুম্প্ৰেং কপিলীপৰীয়া শাখা সাহিত্য সভাৰ আহ্বান ক্ৰমে আজি পাহাৰীয়া জিলাখনৰ টুম্প্ৰেংস্থিত ছিংৰংহাং স্মৃতি উদ্যানৰ জিৰণি চ'ৰাত নতুন ওলগনি তথা অভিনন্দন অনুষ্ঠানৰ এখনি সভা অনুষ্ঠিত কৰা হয়।সভাত সভাপতিত্ব কৰে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উপ-সভাপতি মিনাৰাম বৰাই।

সভাত উপস্থিত থাকে ৰাণা কাফলে,জয়সিং টেৰাং,বিচনু নিৰলা,বিশ্বজ্যোতি হাজৰিকা,ৰেণুকা দেৱী,চাৰ্থে ৰংপি,বৰষা বৰা,কল্পনা দেৱী আদি বিশিষ্ট সাহিত্যিক সকল। ভাগ্যদেৱী বেপীয়ে আতঁধৰা সভাত আন্তঃৰাষ্টীয় নেপালী সাহিত্য সমাজৰ সৰ্বোৎকৃষ্ট পুস্তক পুৰস্কাৰ প্ৰাপক ৰাণা কাফলেক পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু টুম্প্ৰেং কপিলীপৰীয়া শাখা সাহিত্য সভাই যুটীয়াভাৱে ফুলাম গামোচা,চেলেং,শৰাই,জাপিৰে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হয়। এই সভাতে মনিপুৰী ৱ'মেন লিটাৰেৰী এণ্ড কালচাৰেল অৰ্গেনাইশ্যন,আসাম,হোজাইৰ সভানেত্ৰী ৰেণুকা দেৱীৰ নেতৃত্বত যোৱা সংগঠনটোৰ নেতৃবৃন্দই ৰাণা কাফলেক অভিনন্দন জ্ঞাপন কৰে।ইয়াৰোপৰি টুম্প্ৰেং তৰাডুবি লেখিকা সমাৰোহ সমিতি আৰু তৰাডুবি শাখা কবি সন্মিলনৰ ফালৰ পৰাও অভিনন্দন জ্ঞাপন কৰা হয়।

সাহিত্যিক ৰাণা কাফলেক টুম্প্ৰেংত শুভেচ্ছা জ্ঞাপন
নগাঁও চহৰত মন্ত্ৰী পীযুষ হাজৰীকাৰ বিশাল ৰোড শ্ব’

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in