টেঙাখাত কলা নিকেতন আৰু কল্গদ্ৰুম গোষ্ঠীৰ উদ্যোগত বিহুনাচ ঢোলবাদন কৰ্মশালা...

বৃহত্তৰ টেঙাখাত অঞ্চলৰ অন্যতম সাংস্কৃতিক শিক্ষাকেন্দ্ৰ টেঙাখাত কলা নিকেতনে আনুষ্ঠানিক সংগীত নৃত্য আদি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰি আহিছে

author-image
Asomiya Pratidin
New Update
টেঙাখাত কলা নিকেতন আৰু কল্গদ্ৰুম 
গোষ্ঠীৰ উদ্যোগত বিহুনাচ ঢোলবাদন কৰ্মশালা...

সম্বৰ্ধনা জ্ঞাপন

ডিজিটেল সংবাদ, টেঙাখাতঃ বৃহত্তৰ টেঙাখাত অঞ্চলৰ অন্যতম সাংস্কৃতিক শিক্ষাকেন্দ্ৰ টেঙাখাত কলা নিকেতনে আনুষ্ঠানিক সংগীত নৃত্য আদি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰি আহিছে ৷ লগতে সময়ে সময়ে বিভিন্ন বিষয়ত কৰ্মশালা অনুষ্ঠিত কৰি আহিছে ৷

Advertisment
কৰ্মশালা
কৰ্মশালা

যোৱা ২২ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ টেঙাখাত কলা নিকেতন আৰু কল্পদ্ৰুম গোষ্ঠীৰ উদ্যোগত সুখলাল আগৰৱালা হিন্দী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা অনুষ্ঠিত কৰে । অঞ্চলটোৰ শতাধিক শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতীক নবীন কছাৰীৰ পৰিচালনাৰে জোনবিৰি বিহুৱা দলে প্ৰশিক্ষণ প্ৰদান কৰে ।

কৰ্মশালা
কৰ্মশালা

কলা নিকেতনৰ সভাপতি দীপক গগৈ সম্পাদক সুভাষ চুতীয়া তথা বিষয়ববীয়া কল্পদ্ৰুম গোষ্ঠীৰ বিষয়ববীয়াই প্ৰশিক্ষক সকলক শৰাই সঁফুৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অতিথি সকলকো ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । সভাপতি গগৈয়ে ধন্যবাদসূচক বক্তব্য প্ৰদান কৰি সকলোৰে সহায় সহযোগিতাক সলাগ লয় । ৬ এপ্ৰিলৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকল, অভিভাৱক-অভিভাৱিকাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে ৷

Also Read: নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে লামডিঙত ৰেল শ্ৰমিকৰ প্ৰতিবাদ...

bihuworkshop tengakhat