নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে লামডিঙত ৰেল শ্ৰমিকৰ প্ৰতিবাদ...

কেন্দ্ৰীয় চৰকাৰ নতুন পেঞ্চন নীতিক লৈ লামডিঙত তীব্ৰ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে বিয়লি উত্তৰ পূৱ সীমান্ত ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ লামডিং শাখাই সাৱস্ত্য কৰিলে উত্তাল প্ৰতিবাদ
 উত্তাল প্ৰতিবাদ
উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, লামডিংঃ কেন্দ্ৰীয় চৰকাৰ নতুন পেঞ্চন নীতিক লৈ লামডিঙত তীব্ৰ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে বিয়লি উত্তৰ পূৱ সীমান্ত ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ লামডিং শাখাই সাৱস্ত্য কৰিলে উত্তাল প্ৰতিবাদ ৷ লামডিং ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয় ঘেৰাও কৰি নতুন পেঞ্চন নীতিৰ খলনায়কৰ পুত্তলিকা দাহ কৰে ৷

 প্ৰতিবাদ
প্ৰতিবাদ

প্ৰায় পাঁচ শতাধিক ৰেলৱে শ্ৰমিকে অশংগ্ৰহন কৰে এই প্ৰতিবাদত ৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে বাজেটত ৰেল বিভাগৰ বাবে কোটি কোটি টকা আৱন্টন কৰিছিল যদিও ভাৰতবৰ্ষত বৰ্তমান পুৰণি পেঞ্চনৰ পৰা শ্ৰমিক সকলক বঞ্চিত কৰাক লৈ ক্ষোভিত হৈছে ৷

শ্ৰমিক সকলক পুনৰ পুৰণি পেঞ্চন দিয়াৰ বাবে দাবী কৰি আহিছে চৰকাৰক ৷ ২০০৪ চনৰ পৰা চাকৰিত যোগদান কৰা কোনো শ্ৰমিকসকলক পেঞ্চন নিদিয়াৰ যি সিদ্ধান্ত চৰকাৰে গ্ৰহন কৰিছে সেই সিদ্ধান্তৰ চৰম বিৰুদ্ধিতা কৰিছে ৰেল শ্ৰমিক সংগঠনে ৷ ভাৰতবৰ্ষৰ চাৰিখন ৰাজ্য ক্ৰমে পাঞ্জাৱ, ছত্তিচগড়, ঝাৰখণ্ড আৰু ৰাজস্থানত নতুন পেঞ্চন নীতিক বাতিল কৰি পুনৰ পুৰণি পেঞ্চন নীতিক গ্ৰহন কৰিছে শ্ৰমিকৰ বাবে ৷

নতুন পেঞ্চন নীতিক বাতিলৰ প্ৰতিবাদত
নতুন পেঞ্চন নীতিক বাতিলৰ প্ৰতিবাদত

ঠিক তেনেকৈয়ে অসম তথা ভাৰতবৰ্ষৰ আনকেইখন ৰাজ্যতো নতুন নীতিক বাতিল কৰিবলৈ দাবী কৰিছে ৷ মন্ত্ৰী বিধায়কসকলে যদি পেঞ্চন লাভ কৰিব পাৰে তেনেহলে ৰেলৱে শ্ৰমিকসকলে ৩৫ বছৰ ৰেলকৰ্মী হিচাপে ৰেলৱেত কৰ্মৰত হৈ থকাৰ পিছতো তেওঁলোকৰ প্ৰাপ্য পৰা বঞ্চিত কৰিব কিয় বুলি প্ৰশ্ন উত্তাপিত কৰিছে ৷

যদিহে অনতিপলমে কেন্দ্ৰীয় চৰকাৰে এই দাবী নামানে তেনেহলে আগন্তুক দিনত দেশৰ ২১ টা কেন্দ্ৰীয় কৰ্মচাৰী সংগঠনে ৰাজপথ, ৰেলপথ অৱৰোধ কৰি জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ৷

 উত্তাল প্ৰতিবাদ
শহুৰ হিচাপেও বহুতৰ বাবে আদৰ্শ মুকেশ আম্বানী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in