মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন আৰু চিণ্ডিকেটৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...

মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন আৰু চিণ্ডিকেটৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...
মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন আৰু চিণ্ডিকেটৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ তিনিচুকীয়াঃ পাটকাইৰ বক্ষ ভেদি তথা প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি মাৰ্ঘেৰিটাত অব্যাহত থকা কয়লাৰ অবৈধ খনন আৰু ইয়াক লৈ গঢ়ি উঠা ভয়ংকৰ চিণ্ডিকেটক লৈ সোচ্ছাৰ হৈ উঠিছে প্ৰদেশ কংগ্ৰেছ । প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশমৰ্মে আজি তিনিচুকীয়া জিলা কংগ্ৰেছে হাপজান আৰু মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সহযোগত মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত কয়লাৰ অবৈধ খনন আৰু ইয়াৰ ফলত হোৱা বনাঞ্চল ধ্বংসৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।

তদুপৰি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি বহি:ৰাজ্যৰ ব্যৱসায়ীৰ পৰা উদ্যোগ কাঢ়ি বে-আইনীভাৱে হস্তগত কৰি দাবী-ধমকিৰে খেদি পঠিওৱা বিজেপি নেতাৰ ওপৰত তদন্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবীও উত্থাপন কৰা হয়। মাৰ্ঘেৰিটাৰ কংগ্ৰেছ ভৱনত সমবেত হোৱা প্ৰায় পাঁচ শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি মহকুমাধিপতিৰ কাৰ্যালয়ত অৱস্থান কৰে আৰু কয়লাৰ অবৈধ খনন আৰু চিণ্ডিকেট বন্ধৰ দাবীত বিভিন্ন শ্ল'গান দি পৰিস্থিতি উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত বিশেষভাৱে অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীকে মুখ্য কৰি মুখপাত্ৰ মৌচুম বৰুৱা, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, মহিলা কংগ্ৰেছৰ ৰাজ্যিক উপ-সভানেত্ৰী গীতাঞ্জলি সোণোৱাল, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী শোভা দহোতীয়া, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি তাৰা প্ৰসাদ দিহিঙ্গীয়া, হাপজান ব্লকৰ সভাপতি বিনোদ খাৰিয়াৰ লগতে যুৱ কংগ্ৰেছ, এন এচ ইউ আই, মহিলা কংগ্ৰেছ, সেৱা দল আৰু ইয়ং ব্ৰিগেডৰ প্ৰতিনিধিয়ে।

ইফালে এই প্ৰতিবাদী কাৰ্যসূচী সামৰি তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা কৰে।গোস্বামীয়ে মাৰ্ঘেৰিটাৰ কয়লাৰ অবৈধ খনন আৰু সৰবৰাহক কেন্দ্ৰ কৰি গঢ় লৈ উঠা চিণ্ডিকেট প্ৰসংগৰ লগতে বিধায়ক ভাস্কৰ শৰ্মা আৰু তেওঁৰ দুই সহযোগী প্ৰদীপ সিং আৰু চন্দন কলিতাই কলকাতাৰ ব্যৱসায়ী মহেশ ভীমছেৰীয়াৰ ক'ক উদ্যোগ কাঢ়ি লোৱা অভিযোগৰ প্ৰসংগ উত্থাপন কৰি কয়, দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি আওৰুৱা বিজেপি চৰকাৰৰ শাসনত মাৰ্ঘেৰিটা সমষ্টিৰ লিডু, লেখাপানীকে মুখ্য কৰি পাটকাই পৰ্বতৰ লালপাহাৰ, ফিনবেৰু, খাণ্ডু, নামদাং, নামটক, পাহাৰপুৰ, বুমগাৰা আদিত শ শ অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰেৰে প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি কয়লাৰ অবাধ খনন অব্যাহত আছে যদিও এইক্ষেত্ৰত বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নীৰৱ ।

মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন সম্পৰ্কত চৰকাৰৰ শূন্য সহনশীলতাৰ নীতি ক'লৈ যায় ? বনাঞ্চলৰ ধ্বংসযজ্ঞ পাতি তথাকথিত অমৃত বৃক্ষ আন্দোলনৰ অৰ্থ নাই । কলিকতাৰ উদ্যোগপতি মহেশ ভীমছেৰীয়াৰ অভিযোগে কয়লা চিণ্ডিকেটৰ ভয়ংকৰ ছবিখন স্পষ্ট কৰি দিলে । মাৰ্ঘেৰিটাৰ কয়লাখনিত কোনোধৰণৰ নিবিদা নোহোৱাকৈ সম্প্ৰতি অবাধ গতিত কয়লাৰ মুক্ত খনন, এক বিশাল দুৰ্নীতি আৰু ভয়ংকৰ চিণ্ডিকেট এতিয়া দিনৰ পোহৰৰ দৰে প্ৰমাণিত হৈছে ।

কিন্তু দিছপুৰ শুই আছে । স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা আৰু তেওঁৰ দুই সহযোগী প্ৰদীপ সিং আৰু চন্দন কলিতাই মহেশ ভীমছেৰীয়াৰ লিডুস্থিত ক'ক উদ্যোগ কৌশলগতভাৱে কাঢ়ি লোৱা সন্দৰ্ভত মাৰ্ঘেৰিটা থানাৰ অ' চি, জিলাৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ তথা এজাহাৰ দিয়াৰ পাছতো কিন্তু গোচৰ ৰুজু হোৱা নাই। ই এক ৰহস্যৰ বিষয়।

এগৰাকী বহি:ৰাজ্যৰ ব্যৱসায়ী প্ৰবঞ্চিতহোৱা বিষয়ত ৰাজ্য চৰকাৰে মাত মতাটো দূৰৈৰ কথা স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ চূড়ান্ত টুলুঙা মন্তব্য দিয়াহে পৰিলক্ষিত হ'ল। 'এইটো কয়লাৰ বেপাৰ আৰু বেপাৰীৰ মাজৰ কাজিয়া, এইবিলাকত মই সোমাব নাই' বুলি মুখ্যমন্ত্ৰীয়ে গা-এৰা মন্তব্য দিয়ে যদিও এই মন্তব্যৰ জৰিয়তে তেওঁ আওপকীয়াকৈ হ'লেও মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ বেপাৰ চলি থকা কথাটো স্বীকাৰ কৰিলে।

তেওঁ লগতে মহেশ ভীমছেৰীয়াৰ উদ্যোগ কাঢ়ি লোৱা বিষয়ত কোনো মন্ত্ৰী-বিধায়ক আৰু বিষয়া জড়িত নহয় বুলি মন্তব্য কৰিলেও ভীমছেৰীয়াই বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ নাম তেওঁৰ অভিযোগত উল্লেখ কৰিছে । তেনেস্থলত বিষয়টো কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই ? আৰক্ষীয়ে কিয় গোচৰ ৰুজু কৰা নাই ? গৃহ বিভাগৰ দায়িত্বত থকা খোদ মুখ্যমন্ত্ৰীয়ে কিয় বিষয়টোৰ পৰা আঁতৰি টুলুঙা মন্তব্য দিব লগা হ'ল বুলি গোস্বামীয়ে প্ৰশ্ন উত্থাপন কৰে ।

তেওঁ লগতে মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন, সৰবৰাহ আৰু চিণ্ডেকেটৰাজত বিধায়ক ভাস্কৰ শৰ্মা জড়িত থকা বুলি অভিযোগ তুলি তেওঁৰ নেতৃত্বতে প্ৰদীপ সিং, চন্দন কলিতাই অবাধে চিণ্ডিকেট চলাই থকা বুলি কয়। দিছপুৰৰ আশীষ নাথাকিলে এয়া কোনোপধ্যেই সম্ভৱ নহয় বুলিও তেওঁ দাবী কৰে ।

মহেশ ভীমছেৰীয়াই যদি মিছাৰ আশ্রয় লৈছে তেন্তে তেওঁৰ ওপৰত আৰক্ষীয়ে বা গৃহ বিভাগে কিয় ব্যৱস্থা লোৱা নাই বুলি গোস্বামীয়ে প্ৰশ্ন তোলে । মুখ্যমন্ত্ৰীৰ অপৰাধ আৰু দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱা চৰকাৰী কৰ্মচাৰীক হাত দাঙি ফটো উঠাই ব্যাপক প্ৰচাৰ চলাই আহিছে ।

সেই সময়ত মাৰ্ঘেৰিটাৰ অবৈধ কয়লাক লৈ ভয়ংকৰ চিণ্ডিকেট অব্যাহত আছে । আৰু ইয়াৰ ফলত অসমে শ শ কোটি ৰাজহ হেৰুৱাব লাগিছে । ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগিব আৰু কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ বন্ধ হ'ব লাগিব বুলি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে দাবী উত্থাপন কৰে ।

মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন আৰু চিণ্ডিকেটৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...
হাওৰাঘাটৰ ঢৌজুখাত বিজেপিৰ বিশাল সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in