হাওৰাঘাটৰ ঢৌজুখাত বিজেপিৰ বিশাল সভা...

হাওৰাঘাটৰ ঢৌজুখাত বিজেপিৰ বিশাল সভা...
হাওৰাঘাটৰ ঢৌজুখাত বিজেপিৰ বিশাল সভা...

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢৌজুখাত আজি বিজেপি দলৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয় । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে বিগত সময়চোৱাত বিজেপি চৰকাৰে কৰি অহা বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ন কৰি অহাৰ বিষয়ে তথ্য দাঙি ধৰাৰ লগতে আগন্তুক সময়ত কৰিবলগীয়া বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে বিৰোধী দলক তীব্ৰ সমালোচনা কৰে ।

সভাৰ আৰম্ভণিতে মুখ্য কাৰ্যবাহী সদস্য ড° ৰংহাঙে গৰখীয়া পুখুৰী চাৰি আলিৰ পৰা চামগুৰি বজাৰলৈ যোৱা পথৰ আধাৰশিলা স্থাপন, কাংকী ইংতি গাঁৱৰ পৰা পলকা মাটিলৈ যোৱা পথৰ আধাৰশিলা, হাওৰাঘাট নগৰৰ চাৰিটা পথৰ দেৰকোটি টকা ব্যয় সাপেক্ষে আধাৰশিলা আৰু ঢৌজুখাত ছয় লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা কাৰ্বি সংস্কৃতিৰ নতুন ভৱনো উদ্বোধন কৰা হয় ।

নিৰ্বাচনী প্ৰচাৰ সভাত ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণছিং বে, হাওৰাঘাট আৰু ডিফুৰ বিধায়ক দৰছিং ৰংহাং আৰু বিদ্যাছিং ইংলেং , উপাধ্যক্ষ অজিত কুমাৰ দে, কাৰ্যবাহী সদস্য ৰিতেশ ইংহি আৰু অমৰছিং তিছ'কে আদি কৰি পৰিষদৰ সকলো কাৰ্যবাহী সদস্য, পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ভাস্কৰ সন্দিকৈ, সমাজ কৰ্মী দিলীপ ধৰ আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

হাওৰাঘাটৰ ঢৌজুখাত বিজেপিৰ বিশাল সভা...
অসম দেশৰ বিষম কথা- বেকাৰীত তৈয়াৰ হোৱাৰ পূৰ্বেই বিস্কুট খাই গ্ৰাহকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in